নিউজ ডেক্স:
সাম্প্রতিক কালত বাক স্বাধীনতাৰ দৰে অধিকাৰৰ সকলোতকৈ বেছি অপব্যৱহাৰ হৈছে। এই সংক্রান্তৰ এটি গোচৰত বৃহস্পতিবাৰে এনে উদ্বেগ প্রকাশ কৰে ছুপ্রিম কোর্টে। দিল্লীত তবলিগি জামাতৰ সমাবেশক লৈ সাম্প্রদায়িক ঘৃণা বিয়পাইছিল একাংশ সংবাদ মাধ্যমে।
এই অভিযোগ তুলি শীর্ষ আদালতত তৰিছিল জমিয়তে উলেমা ই হিন্দসহ কেইবাটাও সংগঠনে। সেই গোচৰৰ পৰিপ্রেক্ষিততেই আজি এই মন্তব্য কৰে প্রধান ন্যায়াধীশ এছএ বোবডেই। লগতে তেওঁৰ নেতৃত্বাধীন ৩ ন্যায়াধীশৰ বিচাৰপীঠে আজি শপতনামা দাখিলৰ প্রক্রিয়াক লৈও কেন্দ্রীয় চৰকাৰক ভর্ৎসনা কৰে।
উল্লেখযোগ্য যে জমিয়তে উলেমা ই হিন্দসহ কেইবাটাও সংগঠনৰ অভিযোগ, ক’ৰোনা সংক্রমণৰ লগত তবলিগি জামাতৰ ঘটনাক জড়িত কৰি ‘সাম্প্রদায়িক ঘৃণা’ বিয়পাবলৈ আৰম্ভ কৰে সংবাদ মাধ্যমৰ একাংশই। তাৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আবেদন জনাই তেওঁলোক শীর্ষ আদালতৰ দ্বাৰস্থ হয়।










