
লাডাখত চীনৰ ‘একপক্ষীয় আগ্রাসন’ৰ উল্লেখ থকা মাহিলী প্রতিবেদন ৱেবচাইটৰ পৰা পূৰ্বতেই আঁতৰাই দিছিল প্রতিৰক্ষা মন্ত্ৰালয়ে। এইবাৰ ২০১৭ চনৰ পৰা চলিত বছৰৰ জুন মাহ পর্যন্ত প্রকাশিত সকলো মাহেকীয়া প্রতিবেদনো আঁতৰাই দিয়া হৈছে। জানিব পৰা মতে, ইয়াৰ ভিতৰত আৰছে ২০১৭ চনত ডোকলাম সংক্রান্ত প্রতিবেদনো। এই তথ্য জানাইছে সর্বভাৰতীয় সংবাদপত্র ‘দ্য ইণ্ডিয়ানন এক্সপ্রেছ’-এ।
সংবাদপত্রখনৰ দাবী, এই প্রতিবেদন কিয় আঁতৰোৱাৰ হৈছে তাক জানিব বিচাৰিলেও তাৰ উত্তৰ পোৱা নাই। অৱশ্যে সূত্রৰ খবৰ মতে, আঁতৰাই পেলোৱা প্রতিবেদনবোৰ ‘শীঘ্ৰে’ই ৱেবচাইটলৈ অনা হ’ব। সূত্র মতে, অক্টোবৰতেই সেইবোৰ পুনৰ প্রকাশ হ’ব পাৰে।
অনুমান কৰা মতে, ৱেবচাইটৰটোত কিছু আভ্যন্তৰীণ অদল-বদল কৰা হৈছে। তাৰ বাবেই সময়িকভাৱে এই প্রতিবেদনবোৰ আঁতৰোৱা হৈছে। প্রতিৰক্ষা মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াৰ পৰা সেউজ সঙ্কেত পালেই প্রতিখন ৰিপোর্ট প্রকাশ হ’ব।










