
কলেজত পঢ়াৰ সুযোগ পালেও ইন্টাৰভিউ দিবলৈ যোৱাৰ পইচা নাছিল হাতত। অঙ্কৰ শিক্ষকে ছাত্রজনৰ হাতত দিছিল ৫০০ টকা। সেইজন ছাত্রই আজি নিজৰ পেছাত সফল। কিন্তু সফলতাৰ শিখৰত উপনীত হৈয়ো পাহৰি যোৱা নাই অতীতক। বহু বিচাৰ-খোচাৰ কৰি ল’ৰালিৰ শিক্ষকগৰাকীৰ সন্ধান উলিয়ায়৷ আৰু তেওঁক প্ৰদান কৰে গুৰুদক্ষিণা। গুৰুদক্ষিণাৰ আর্থিক মূল্য ৩০ লাখ টকা।
ছাত্রজনৰ নাম ভি বৈদ্যনাথন। বৰ্তমান আইডিএফচি বেংকৰ চিইও। কলেজীয়া জীৱনত অঙ্কৰ শিক্ষকগৰাকীৰ সহায় নাপালে তেওঁ হয়তো এই সাফল্যই নাপালেহেঁতেন। আজিও সেই কথা পাহৰা নাই তেওঁ। সেয়ে শিক্ষকগৰাকীৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰি গুৰুদক্ষিণা হিচাপে তেওঁ দিলে বেঙ্কৰ ৩০ লাখ টকাৰ ইকুইটি শ্বেয়াৰ।
এই ঘটনাৰ কথা ফেচবুকত জনাইছে পেৰি মাহেশ্বৰ নামৰ ব্যক্তি এজনে। অতীতক মনত ৰখা আৰু শিক্ষকৰ প্রতি এনে শ্রদ্ধা প্রকাশৰ নজিৰ দেখি বৈদ্যনাথনৰ প্রশংসাত পঞ্চমুখ নেটিজেনসকল।
জানিব পৰা মতে, শিক্ষকগৰাকীৰ নাম গুৰদিলাল স্বৰূপ চাইনি ৷ সম্প্রতি এজন বন্ধুৰ সহায়ত শিক্ষকগৰাকীৰ সন্ধান লাভ কৰে বৈদ্যনাথনে। আৰু তাৰ পিছতেই শিক্ষাগুৰুক শ্রদ্ধা জনায় সফল ছাত্রজনে।










