![]()
নিউজ ডেস্কঃ
হাথৰসৰ নির্যাতিতাৰ ন্যায় বিচাৰৰ দাবীত সমগ্ৰ দেশ সোচ্চাৰ হৈ থকাৰ সময়তো উত্তৰ প্ৰদেশৰ ইজনৰ পিছত সিজন বিজেপি নেতাই প্ৰক্ষেপ কৰি আছে লিঙ্গ বৈষম্যমূলক মন্তব্য। বিজেপি বিধায়ক সুৰেন্দ্র নাৰায়ণ সিঙৰ পিছত এইবাৰ বিতর্কিত মন্তব্য কৰে বাৰাবাংকিৰ বিজেপি নেতা ৰঞ্জিত বাহাদুৰ শ্রীবাস্তৱে। অভিযুক্তসকলৰ পক্ষত থিয় দি তেনে প্রশ্ন কৰে অত্যাচাৰৰ ফলত মৃত্যু হোৱা দলিত কিশোৰীগৰাকীৰ চৰিত্রক লৈ।
ৰঞ্জিত শ্ৰীবাস্তৱৰ মতে, হাথৰস-কাণ্ডৰ অভিযুক্তসকল নির্দোষী এআৰু নির্যাতিতা কিশোৰীগৰাকীহে দোষী। তেওঁৰ দাবী, অভিযুক্তৰ সৈতে ১৯ বছৰীয়া দলিত কিশোৰীগৰাকীৰ প্রেমৰ সম্পর্ক আছিল। তেওঁৰ মতে, ‘‘১৪ ছেপ্টেম্বৰত নির্যাতিতাই অভিযুক্তক খেতি পথাৰলৈ মাতিছিল। কাৰণ তেওঁলোকৰ মাজত প্রেমৰ সম্পর্ক আছিল।’’
ইমানতেই ক্ষান্ত নাথাকি নেতাজনে আৰু এঢাপ আগুৱাই গৈ ‘এনে ধৰণৰ ছোৱালীবোৰৰ’ মৃতদেহ সাধাৰণতে ক’ত ক’ত পোৱা যায় তাক লৈও নিজৰ মন্তব্য প্ৰকাশ কৰে। তেওঁৰ মতে, ‘‘এনে ধৰণৰ ছোৱালীবোৰৰ মৃতদেহ কুঁহিয়াৰ, মৰাপাট, বজ্ৰা খেতি বা জোপোহা-জংঘলতেই পোৱা যায়।
কিয় এওঁলোকৰ মৃতদেহ ধান বা গম খেতিত পোৱা নাযায়?’’ ৰঞ্জিত শ্ৰীবাস্তৱৰ ধাৰণা, হাথৰসৰ কিশোৰীগৰাকীৰ মৃত্যুৰ ঘটনা ‘অনাৰ কিলিং’। লগতে তেওঁ অভিযুক্তসকলৰ পক্ষত কয়, ‘‘মই গেৰান্টি দি ক’ব পাৰো ল’ৰাকেইটা নির্দোষী।’’
ৰঞ্জিত শ্ৰীবাস্তৱৰ এই মন্তব্যত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ প্রধান ৰেখা শর্মাই কয়, ‘‘তেওঁ কোনো দলৰেই নেতা হোৱাৰ যোগ্য নহয়। নিজৰ আদিম আৰু অসুস্থ মানসিকতা তেওঁ দেখুৱাই দিছে। আমি শীঘ্রেই তেওঁলৈ জাননী পঠাম।’’










