
হাথৰসত নির্যাতিতাৰ পৰিয়ালৰ বাবে নিৰাপত্তাৰ কোনো ব্যৱস্থা নাই। এই অভিযোগ বহুতৰে। এইবাৰ এই প্ৰসংগত ছুপ্রিম কোর্টত জমা হ’ল পিটিচন। তাৰেই শুনানিত যোগী আদিত্য নাথৰ চৰকাৰলৈ জাননী পঠালে ছুপ্রিম কোৰ্টে। জানিবলৈ বিচাৰিলে, কিশোৰীগৰাকীৰ পৰিয়াল আৰু এই গোচৰত সাক্ষীসকলৰ নিৰাপত্তাৰ বাবে কি ব্যৱস্থা লৈছে চৰকাৰে। লগতে ইয়াকো জানিব বিচাৰে যে কিশোৰীগৰাকীৰ পৰিয়ালৰ বাবে কোনো অধিবক্তা নিয়োগ কৰা হৈছে নেকি ৷
উল্লেখ্য যে পিটিচনখন দাখিল কৰিছে সমাজকর্মী সত্যমা ডুবে আৰু অন্যান্যসকলে। আবেদনকাৰীসকলে হাথৰস নির্যাতনৰ গোচৰত চিবিআই বা বিশেষ তদন্তকাৰী দলৰ নেতৃত্বাধীন তদন্তৰো দাবী কৰিছে। ইতিমধ্যে ৰাজ্য চৰকাৰে গঠন কৰা ছিটৰ তদন্তক লৈ সন্তুষ্ট নহয় বিৰোধীৰ পৰা সাধাৰণ মানুহ সকলোৱেই।
পিটিচনখনত সমগ্ৰ ঘটনাত ‘স্বচ্ছ’ তদন্তৰো দাবী কৰা হৈছে।











