নিউজ ডেক্স:
হাথৰস গণধৰ্ষণ-হত্যা কাণ্ডত চাপত পৰি চিবিআই তদন্তৰ নির্দেশ দিছে মুখ্যমন্ত্রী যোগী আদিত্য নাথে। কিন্তু আন্দোলনকাৰী বিভিন্ন সংগঠন আৰু ৰাজনৈতিক দলবোৰৰ বক্তব্য, সেয়াই যথেষ্ট নহয়। চিবিআই তদন্ত হওক ছুপ্রিম কোর্টৰ কোনো ন্যায়াধীশৰ তত্ত্বাৱধানত।
আজি এই গোচৰ শুনিব শীর্ষ আদালতে। শুনানি হ’ব প্রধান ন্যায়াধীশ এছ এ বোবডেৰ বিচাৰপীঠত। অন্যহাতে, জাতিগত হিংসা বিয়পোৱাৰ অভিযোগত মুঠ ১৯খন এফআইআৰ দাখিল কৰিছে উত্তৰ প্রদেশ আৰক্ষীয়ে।
এইবোৰ প্রতিবাদ-বিক্ষোভকাৰীৰ ধনৰ উৎসৰ সন্ধানত তদন্তত নামিছে কেন্দ্রীয় তদন্তকাৰী সংস্থা এনফৰ্চমেন্ট ডিৰেক্টৰেট (ইডি)।
উল্লেখ্য যে ছুপ্রিম কোর্টৰ কর্মৰত বা অৱসৰপ্রাপ্ত কোনো ন্যায়াধীশৰ পৰ্যবেক্ষণত হাথৰস কাণ্ডৰ তদন্ত চিবিআয়ে কৰক— এই মর্মে ছুপ্রিম কোর্টত এখন জনস্বার্থ জড়িত আবেদন দাখিল হৈছে।
অন্যহাতে, উত্তৰ প্রদেশৰ আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে তদন্ত আৰু এফআইআৰ দাখিলৰ আর্জিত অন্য এটি গোচৰ তৰে ছুপ্রিম কোর্টৰ অৱসৰপ্রাপ্ত ন্যায়াধীশে। এই দুই গোচৰতেই আজি শুনানি হ’ব প্রধান ন্যায়াধীশৰ খণ্ড বিচাৰপীঠে।











