নিউজ ডেক্স:
জম্মু-কাশ্মীৰত পুনৰ সংঘটিত হৈছে সন্ত্ৰাসবাদীৰ আক্ৰমণ৷ দক্ষিণ কাশ্মীৰৰ পাম্পোৰত এইবাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত ছহিদ হ’ল ২ চিআৰপিএফ জোৱান। আনহাতে আহত হয় আন ৫জন।
আৰক্ষী সূত্ৰে জানি বপৰা মতে, সোমবাৰে দুপৰীয়া জোৱানসকলে পাম্পোৰৰ কান্দিজাল সেতুত টহল দি আছিল। তেনে সময়তে হঠাৎ তেওঁলোকক লক্ষ্য কৰি গুলী চলায় কেইবাজনো সন্ত্ৰাসবাদীয়ে। তৎক্ষণাৎ জোৱানসকলক জিলা হস্পিটেললৈ নিয়া হয় যদিও তাত দুজনৰ মৃত্যু হয়।
আৰক্ষীয়ে অনুমা নকৰা মতে, ওচৰে-পাজৰে ক’ৰবাত চোপ লৈ থাকি সন্ত্ৰাসবাদীৰ দলটোৱে এই আক্ৰমণৰ ঘটনা সংঘটিত কৰে। চিআৰপিএফৰ তৰফৰ পৰা প্ৰকাশিত বিবৃতিত কোৱা হৈছে, তেওঁলোকৰ ১১০ নম্বৰ বেটেলিয়নৰ জোৱানসকলে আৰক্ষীৰ সৈতে টহল দি আছিল। দুপৰীয়া ১২.৫০ বজাত গুলী চলায় সন্ত্ৰাসবাদীয়ে। উল্লেখ্য যে বিগত কেইটামান সপ্তাহত অঞ্চলটোত এইটো চতুর্থটো সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা।











