নিউজ ডেক্স:
আমেৰিকাৰ বিজ্ঞানী হাৰ্ভে জে অল্টাৰ আৰু চাৰ্লছ এম ৰাইচ আৰু ব্ৰিটিছ বিজ্ঞানী মাইকেল হগটনলৈ ঔষধ বা ফিজিঅ’লজীৰ নোবেল বঁটা আগবঢ়োৱা হৈছে৷ হেপাটিইটিছ চি ভাইৰাছ আৱিষ্কাৰৰ বাবে এই তিনিগৰাকী বিজ্ঞানীক নোবেল বঁটা প্ৰদানৰ কথা সোমবাৰে ঘোষণা কৰা হয়৷
সোমবাৰে ষ্টকহমত এই বঁটাৰ কথা ঘোষণা কৰি নোবেল কমিটিয়ে উল্লেখ কৰে যে এই ত্ৰিমূৰ্তীৰ কাৰ্যই ৰক্ত-জন্ম হেপাটাইটিছৰ এক গুৰুত্বপূৰ্ণ উৎস ব্যাখ্যা কৰাত সহায় কৰে যিটো হেপাটাইটিছ এ আৰু হেপাটাইটিছ বিৰ ব্যাখ্যাৰ ক্ষেত্ৰত সম্ভৱ নাছিল৷ তেওঁলোকৰ কাৰ্যই মিলিয়ন জীৱন ৰক্ষাৰ ক্ষেত্ৰত ৰক্ত পৰীক্ষা আৰু নতুন ঔষধ আৱিষ্কাৰত নতুন পথৰ সন্ধান দিয়ে৷ এই কথা নোবেল কমিটিয়ে টুইটাৰযোগেও ঘোষণা কৰে৷
উল্লেখ্য যে বিস্ব স্বাস্থ্য সংস্থাৰ মতে, বিশ্বজুৰি ৭০ মিলিয়নতকৈও অধিক হেপাটাইটিছ ৰোগী আছে আৰু প্ৰতি বছৰে ৪০ হাজাৰতকৈ অধিক লোক এই ৰোগত মৃত্যুমুখত পৰে৷ ই এবিধ সোঁচৰাৰোগ আৰু ইয়াৰ মুখ্য কাৰক হ’ল যকৃতৰ সংক্ৰমণ আৰু কেন্সাৰ৷
সন্মানীয় নোবেল বঁটাত আছে এটা সোণৰ পদক আৰু ১০ মিলিয়ন ছুইডিছ ক্ৰনৰ প্ৰাইজমানী৷ যিটোৰ ভাৰতীয় টকাত মূল্য প্ৰায় ৮ কোটি ২০ লাখ৷











