নিউজ ডেক্স:
শিৰোনামটো পঢ়ি সাধুকথা যেন লাগিলেও এয়া আচলতে কোনো কাহিনী নহয়, এটি সঁচা ঘটনা। ১৯৮৫ চনত এমপি ৰিচার্ড টোঙ্গি ভাৰতলৈ অধ্যয়নৰ বাবে আহিছিল। তেওঁৰ ইচ্ছা আছিল মেনেজমেন্টৰ শিক্ষা লোৱা। সেয়ে তেওঁ ঔৰঙ্গবাদত মেনেজমেন্ট কলেজত ভর্তি হয়। সেই সময়ত তেওঁ ২০০ টকা ধাৰ কৰিছিল তেওঁৰ এক ভাৰতীয় বন্ধুৰ পৰা। সেই ধাৰ পৰিশোধ কৰাৰ বাবেই তেওঁ ৩০ বছৰ পিছত ভাৰতলৈ আহে।
ৰিচার্ডৰ ভাৰতীয় বন্ধু কাশীনাথ এজন গেলামালৰ দোকানী আছিল। সেই গেলামালৰ দোকানখন ৰিচাৰ্ডৰ কলেজৰ ওচৰতেই আছিল৷ সেই সূত্রেই তেওঁলোকৰ বন্ধুত্ব হয়। কিন্তু কলেজত পঢ়ি থকা অৱস্থাত ৰিচার্ডৰ আর্থিক অৱস্থা খুব এটা ভাল নাছিল।
সেয়ে তেওঁৰ ভাৰতীয় বন্ধু কাশীনাথে তেওঁক টকা দি সহায় কৰিছিল আৰু প্ৰয়োজনীয় গেলামাল সকলো কাশীনাথে তেওঁক দিছিল। তেনেদৰেই কিবা প্ৰকাৰে ৰিচার্ডৰ কাশীনাথৰ ওচৰত ২০০ টকা ধাৰ আছিল৷ সেই কথা তেওঁৰ মনত পৰি যায়।
সেই কথা মনত পৰাৰ লগে লগেই ৰিচার্ডে অলপো পলম নকৰি কেনিয়াৰ পৰা ভাৰতলৈ তেওঁৰ বন্ধুৰ কাষলৈ গুচি আহে, সেই টকা পৰিশোধ কৰাৰ বাবে। ইফালে দুই পুৰণি বন্ধুক দেখি অত্যন্ত আনন্দিত হয় দুয়ো।
এই কামৰ বাবে মহাৰাষ্ট্র চৰকাৰে তেওঁক বিশেষভাৱে প্রশংসা কৰিছে। মহাৰাষ্ট্র চৰকাৰৰ তৰফৰ পৰা তেওঁক হোটেলত থকা-খোৱাৰ কথা কৈছিল। কিন্তু তেওঁ সেইটো মানি নলয়৷ তেওঁ কয় যে তেওঁৰ বন্ধুৰ ঘৰতে থকা-খোৱা কৰিব। ৰিচার্ডে তেওঁৰ বন্ধু কাশীনাথ আৰু তেওঁক পৰিয়ালক নিজৰ দেশ কেনিয়ালৈ গৈ ফুৰি অহাৰো আমন্ত্রণ জনাইছে।