ডিফু : পৱিত্ৰ আৰক্ষী দিৱসৰ উপলক্ষে পাহাৰীয়া জিলা সদৰ চহৰ ডিফুতো সেই একে উদ্দেশ্য আগত ৰাখি ডিফু থানা আৰু ডিফু নগৰ আৰক্ষী চকীতো এই দিৱসটি উদযাপন কৰা হয় ৷
ইয়াৰোপৰি ডিফু থানাৰ ইন্সপেক্টৰ অ’চি চিৰাজ ইংতিয়ে আজি আৰক্ষী দিৱস উপলক্ষে জিলা প্ৰেছ ক্লাৱত উপস্থিত হৈ সাংবাদিকসকলৰ মাজত জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে চেনেহত আগবঢ়োৱা মিঠাই টোপোলা প্ৰদান কৰে ৷ ইন্সপেক্টৰ অ’চি চিৰাজ ইংতিৰ লগতে তেওঁৰ সংগীয় ষ্টাফ সকলকো জিলা প্ৰেছ ক্লাৱৰ তৰফৰ পৰা সভাপতি, সম্পাদক ক্ৰমে, কিৰি ৰংহাঙ আৰু ডেনিয়েলচন বে’ইয়ো পৱিত্ৰ আৰক্ষী দিৱসত একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জনায় ৷ অ’চি চিৰাজ ইংতিয়ে আৰক্ষী দিৱসৰ তাৎপৰ্য, আৰক্ষী আৰু সাধাৰণ লোকৰ সমন্বয় আৰু সহযোগিতা সন্দৰ্ভত আলোকপাত কৰে৷