ডিফু : এইবাৰ প্ৰাক্তন সাংসদ বিৰেণছিং ইংতিৰ ঘৰত দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে ৷ প্ৰাক্তন সাংসদগৰাকীৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱা ৫ মান বজাত কোনো অজ্ঞাত দুৰ্বৃত্তই প্ৰাক্তন সাংসদ গৰাকীৰ ডিফুস্থিত বাসভৱনৰ চৌহদত অনাধিকাৰ প্ৰৱেশ কৰি চৌহদতে থকা কোৰ এটা হাতত লৈ প্ৰথমতে বাহিৰত ৰখাই থোৱা অৱস্থাত প্ৰাক্তন সাংসদগৰাকীৰ ইন’ভা গাড়ীখনৰ সোঁফালৰ দৰ্জাৰ আয়না ভাঙি পেলায় ৷
ইয়াৰ পিছত দুৰ্বৃত্তটোৱে বিৰেণছিং ইংতিৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ভিতৰত থকা ফাৰ্ণিছিৰ, মূৰ্তি আৰু অনান্য বয়বস্তু ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰে ৷ দুৰ্বৃত্তটোক প্ৰাক্তন সাংসদগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ কোনেও পূৰ্বতে দেখা নাই বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷ হূলস্থুল শুনি প্ৰাক্তন সাংসদগৰাকীৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী আৰু বাসভৱনটোত থকা লোকসকল ওলাই আহি দুৰ্বৃত্তটোক কৰায়ত্ত কৰি ডিফু থানাত খবৰ দিয়ে ৷ খবৰ লাভ কৰি তৎক্ষণাৎ ডিফু থানাৰ অ’চি চিৰাজ ইংতিয়ে সংগীয় ষ্টাফসহ ঘটনাস্থলীত উপস্থিত হৈ দুৰ্বৃত্তটোক আটক কৰি ডিফু থানালৈ আনি জেৰা অব্যাহত ৰাখিছে বুলি জনাইছে ৷
ঘটনা সংঘটিত হোৱাৰ সময়ত প্ৰাক্তন সাংসদগৰাকী ঘৰতেই আছিল বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি এই সন্দৰ্ভত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 447/448/আৰু 427ত ডিফু থানাত 177/2020 নম্বৰত এক গোছৰ ৰুজো দি তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ আৰক্ষীয়ে দুৰ্বৃত্তটোক ডকমকা থানা এলেকাৰ কাংনেট টকবী গাওঁ বাগপাণিৰ মৃত চন্দ্ৰ ইংতিৰ পুত্ৰ দেউৰী ইংতি (৩৫)বুলি চিনাক্ত কৰিছে ৷ আনহাতে আৰক্ষীৰ প্ৰাথমিক তদন্তত দুৰবৃত্তটো মানসিকভাৱে বিকাৰগ্ৰস্থ বুলি জনাইছে ৷