ডিফু : ভাৰতীয় খাদ্য নিগম বোৰ্ড চমুকৈ এফচি আইয়ে বিভিন্ন জিলালৈ প্ৰেৰণ কৰা চাউলৰ এক চুৰি কাৰ্য পোহৰলৈ অহাত বৃহৎ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ এনে এক চুৰি কাৰ্যৰ বাবে ৰঙা ঘৰৰ পৰা আলহী হ’ব লগা হ’ল কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ নিকটৱৰ্তী বিৰলাৰ এক যুৱক ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি আজি মাঞ্জাৰ এজনী ব্যৱসায়ীয়ে মাঞ্জা আৰক্ষীক জনায় যে পিকলু দাস ওৰফে ৰাহুল (২৮) নামৰ এজন যুৱকে মাঞ্জা থানা এলেকাৰ মহংদিজুৱাৰ পৰা তেওঁৰ গাড়ীৰে ১৯ বস্তা চাউল আনিবলৈ গাড়ীখন ভাড়াত লৈ যায় আৰু চাউলখিনি মাঞ্জা এছবিআই ওচৰৰ তেওঁৰ গেৰেজত ৰাখে ৷ পিছত এফচিআইৰ চীল-মোহৰ থকা চাউলৰ বস্তাখিনিৰ ওপৰত গেৰেজৰ কৰ্মচাৰীৰ সন্দেহ ওপজাত আৰক্ষীক খবৰ দিয়ে ৷ পিছত আৰক্ষীৰ সহযোগত পিকলু দাসক ফোন কৰাত তেওঁৰ মোবাইল চুইছ অফ পায় ৷
ইয়াৰ পিছত আৰক্ষীয়ে পিকলু দাস ওৰফে ৰাহুলক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত পিকলু দাসে চাউলখিনি মহংদিজুৱাৰ ওচৰত এফচি চাউল কঢ়িওৱা ট্ৰাকৰ চালকৰ পৰা ৮০০ টকাকৈ ক্ৰয় কৰিছিল বুলি স্বীকাৰ কৰে৷ চাউলখিনিৰ বজাৰ মূল্য, প্ৰায় ১৫ হাজাৰ টকা বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৯ত মাঞ্জা থানাত ৩৩/২০২০ নম্বৰত এক গোছৰ ৰুজো দি পিকলু দাসক জেৰা অব্যাহত ৰাখিছে ৷ মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকাই সাংবাদিকক জনাবলৈ দিয়া অনুসৰি উক্ত চুৰি কাৰ্যৰ মূল অপৰাধীক তদন্তক্ৰমে শীঘ্ৰে কৰায়ত্ত কৰা হ’ব বুলি কয়৷