নিউজ ডেস্কঃ
পশ্চিম বংগত ধৰা পৰিল আল–কায়দা সন্ত্ৰাসবাদীৰ দল৷ গোপন সূত্ৰে খবৰ পাই শনিবাৰে মুর্শিদাবাদৰ বিভিন্ন ঠাইত অভিযান চলাই ছটা আল–কায়দা সন্ত্ৰাসবাদীক এনআইএয়ে গ্ৰেপ্তাৰ কৰে৷
ধৃত সন্ত্ৰাসবাদীকেইটাৰ পৰা জেহাদি সাহিত্য, নথিপত্ৰ, বহু পৰিমাণৰ ধ্বংস কৰিব পৰা সামগ্ৰী, ডিজিটেল যন্ত্র, তীক্ষ্ণ অস্ত্রশস্ত্র, দেশীয় আগ্নেয়াস্ত্র, এটা দেশীয় বুলেটপ্ৰুফ জেকেট আৰু সক্ৰিয় বোমা নিৰ্মাণ সামগ্ৰী উদ্ধাৰ কৰিছে৷ এনআইএৰ তৰফৰ পৰা দিয়া বিবৃতিত জনাইছে যে ধৃত সন্ত্ৰাসবাদীৰ সৈতে পাকিস্তানৰ আল–কায়দা মডিউলৰ যোগাযোগ আছে৷
দিল্লীসহ দেশৰ বিভিন্ন মেট্ৰো মহানগৰত সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা কৰিছিল এই সন্ত্ৰাসবাদীকেইটাই৷ পশ্চিম বংগত গ্ৰেপ্তাৰ হোৱা ছটা সন্ত্ৰাসবাদী হ’ল লিউ ইয়ান আহমেদ, আবু ছুফিয়ান, নাজমুছ ছাকিব, মইনুল মণ্ডল আৰু আল মামুন কামাল।