নিউজ ডেস্কঃ
দেশত মুঠ কৰোনা আক্রান্তৰ সংখ্যাই ৫০ লাখ অতিক্ৰম কৰিলে। আমেৰিকাৰ পিছত বিশ্বৰ দ্বিতীয় দেশ হিচাবে ৫০ লাখৰ সীমা পাৰ কৰিল ভাৰতে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ৯০ হাজাৰ ১২৩ জন নতুনকৈ কোভিডত আক্রান্ত হৈছে। ইয়াৰ ফলত দেশত মুঠ আক্রান্ত হ’ল ৫০ লাখ ২০ হাজাৰ ৩৫৯ জন।
প্রথম স্থানত থকা আমেৰিকাত মুঠ আক্রান্ত ৬৬ লাখ ৪ হাজাৰ আৰু তৃতীয় স্থানত থকা ব্রাজিলত মুঠ আক্রান্ত ৪৩ লাখ ৮২ হাজাৰ।
আনহাতে, কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, বিগত ২৪ ঘণ্টাত কৰোনাৰ ফলত মৃত্যু হৈছে ১ হাজাৰ ২৯০ জনৰ। ইয়াকে লৈ দেশত মুঠ ৮২ হাজাৰ ৬৬ জনৰ প্রাণ কাঢ়িলে কৰোনা ভাইৰাছে।
ইয়াৰ ভিতৰত মহাৰাষ্ট্রতেই মৃত্যু হৈছে ৩০ হাজাৰ ৪০৯ জন। দ্বিতীয় স্থানত থকা তামিলনাডুত চাৰে ৮ হাজাৰ আৰু তৃতীয় স্থানত থকা কর্নাটকত ৭ হাজাৰ ৪৮১ জনৰ মৃত্যু হৈছে। অন্ধ্রপ্রদেশতো মুঠ মৃত্যুৰ সংখ্যাই ৫ হাজাৰ অতিক্ৰম কৰিলে। দেশৰ ৰাজধানীত এই সংখ্যাটো ৪ হাজাৰ ৮০৬।
ইফালে এই পর্যন্ত দেশত মুঠ ৩৯ লাখ ৪২ হাজাৰ ৩৬০ জন কৰোনাৰ কবলৰ পৰা মুক্ত হৈছে। অর্থাৎ দেশত মুঠ আক্রান্তৰ ৭৮.৫ শতাংশৰ বেছি সুস্থ হৈছে। যোৱা ২৪ ঘণ্টাত সুস্থ হৈছে ৮২ হাজাৰ ৯৬১ জন। আনহাতে, দেশত আজি সংক্ৰমণ হাৰ ৭.৮৯ শতাংশ।
যোৱা ২৪ ঘণ্টাত দেশত পৰীক্ষা হৈছে ১১ লাখ ৪২ হাজাৰ ৮৪২ জনৰ।
কোভিডত আক্রান্ত আৰু মৃত্যুত শীর্ষত থকা মহাৰাষ্ট্রত মুঠ আক্রান্ত প্রায় ১১ লাখ। দ্বিতীয় স্থানত থকা অন্ধ্রপ্রদেশত ৫ লাখ ৮৩ হাজাৰ। তামিলনাডুত ৫ লাখ ১৪ হাজাৰ, কর্নাটকত ৪ লাখ ৭৫ হাজাৰ।