নিউজ ডেস্ক:
ৰাজস্থানৰ কংগ্রেছ চৰকাৰে বংশী পাহাড়পুৰৰ পিঙ্ক ষ্টন খনিত নিষেধাজ্ঞা জাৰি কৰিছে। অযোধ্যাৰ ৰাম মন্দিৰৰ নির্মাণ এই পিঙ্ক শিলেৰে কৰাৰ কথা। অয্যোধ্যাৰ কাৰখানাত ৰাজস্থানৰ পৰা অহা বংশী পাহাড়পুৰৰ পিঙ্ক পাথৰবোৰক মন্দিৰ নির্মাণৰ কামৰ যোগ্য বনোৱা হৈছে। ৰাম মন্দিৰৰ বাবে প্রায় তিনি লাখ ঘনফুট পাথৰৰ দৰকাৰ, যাৰ ভিতৰত মাত্ৰ এক লাখ ঘনফুট পাথৰহে প্ৰস্তুত কৰা হৈছে।
২০ হাজাৰ ঘনফুটৰ পাথৰ ৰামসেবকপুৰমত ৰখা হৈছে। আৰু বাকী পাথৰবোৰ পাহাড়পুৰৰ খনিৰ পৰা অযোধ্যালৈ অনাৰ কথা আছিল, কিন্তু খনিত নিষেধাজ্ঞা জাৰি কৰাৰ পিছত ৰাম মন্দিৰ নির্মাণৰ কামত বাধা সৃষ্টি হোৱাৰ সম্ভাৱনা প্রবল। এই বিষয়ত শ্রীৰাম জন্মভূমি তীর্থক্ষেত্র ট্রাস্টৰ অধ্যক্ষ চম্পত ৰায়ে বলেন, সময়হে আচলতে সকলো ক’ব।
উল্লেখ্য, কিছুদিন পূৰ্বে ৰাজস্থানৰ খনি বিভাগ, হৰাতপুৰ জিলা প্রশাসন আৰু আৰক্ষীয়ে বংশী পাহাড়পুৰৰ খনিত অবৈধ খনন চলাৰ অভিযোগত নিষেধাজ্ঞা জাৰি কৰে। জিলা উপায়ুক্ত নথমল দিদেলে কয়, আমি খবৰ পাইছিলোঁ যে, অবৈধ খনন চলিছে। বর্তমান খননৰ বাবে অনুমতি দিয়া হোৱা নাই, সেই কাৰণে এতিয়া সকলো ধৰণৰ খনন সম্পূর্ণভাবে অবৈধ।
ইফালে অয্যোধ্যাত ৰাম মন্দিৰ নির্মাণৰ কাম প্রায় আৰম্ভ হৈ গৈছে। ৰাম মন্দিৰৰ প্রথম স্তম্ভ নিৰ্মাণৰ কাম ১১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে। আৰু কাৰখানাত ৰখা পিঙ্ক ষ্টন পাথৰ ৰাম মন্দিৰত কেনেদৰে লগোৱা হ’ব, তাক লৈ পৰিকল্পনা চলিছে। কিন্তু ইয়াৰ মাজতে ৰাজস্থানৰ পৰা যি খবৰ আহিছে, সেয়াই ৰাম মন্দিৰ নির্মাণৰ কামত বাধা সৃষ্টি কৰিব পাৰে।











