নিউজ ডেক্স:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে ছুৰাটত ৭০ হাজাৰ গছপুলি ৰোপনৰ আঁচনি লোৱা হৈছে৷ এই গছপুলি অহা ১৬ ছেপ্টেম্বৰৰ ভিতৰত সমাপন কৰা হ’ব৷ উল্লেখ্য যে ছুৰাটৰ নাগৰিক, বিভিন্ন সংগঠন আৰু ব্যৱসায় গোটে ছুৰাট মহানগৰখনত ৭০ হাজাৰ গছপুলি ৰোপনৰ আঁচনি হাতত লৈছে৷
ছুৰাট মহানগৰৰ উপ মেয়ৰ নিৰব শ্বাহে সংবাদ মাধ্যমক কয়, আমি ১৫ দিনৰ আগৰে পৰা এই কাম আৰম্ভ কৰিছো৷ মই ভাবো ১৬ ছেপ্টেম্বৰৰ ভিতৰত ৭০ হাজাৰ গছপুলি ৰোপন কৰা হ’ব৷ প্ৰধানমন্ত্ৰীয়ে সদায় কয় এনে এটা কাম কৰি জন্মদিন উদযাপন কৰিবলৈ আহ্বান জনায় যিটোৰে জনগণৰ উপকাৰ হয়৷
সেয়ে এই সময়ত আমি মহানগৰখনত ৭০ হাজাৰ গছপুলি ৰোপনৰ ধাৰণাটো লৈছো, যাৰ দ্বাৰা অক্সিজেন বৃদ্ধি কৰিব আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে উপকাৰ হ’ব৷ গছপুলি ৰোপন কৰি বস্ত্ৰ মহানগৰী ছুৰাটখন সেউজীয়া আৰু প্ৰদূষণ মুক্ত কৰাৰ ধাৰণা কৰা হৈছে৷
এই কাম ১৫ দিনৰ আগতে আৰম্ভ কৰা হয় বুলি উপ মেয়ৰজনে কয়৷ ১৬ ছেপ্টেম্বৰত তেওঁলোক ৭০ হাজাৰ গছপুলি ৰোপন কৰাৰ লক্ষ্যত উপনীত হ’ব৷ ১৭ ছেপ্টেম্বৰৰ পাচত তেওঁলোকৰ লক্ষ্য অধিক কৰিবলৈ গছপুলি ৰোপন কৰিব যাৰ দ্বাৰা মহানগৰীৰ বাসিন্দাসকলৰ উপকাৰ হ’ব৷











