“ধর্ষণৰ একমাত্র শাস্তি হোৱা উচিত পুৰুষাঙ্গ কটা।” এই মন্তব্য পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ৷ উল্লেখ্য যে সন্তানৰ সন্মুখতে বোৱাৰীক ধর্ষণৰ ঘটনাত উত্তপ্ত হৈ আছে সমগ্ৰ পাকিস্তান। এই প্রসঙ্গতেই সোমবাৰে এক সাক্ষাৎকাৰত এনে মন্তব্য কৰে ইমৰান খানে।
লগতে তেওঁ ইয়াকো কয়, সমগ্ৰ দেশত যৌন হিংসা বাঢ়িছে। সেয়ে সমাজ ব্যৱস্থা সলনি কৰাৰ কোনো দৰকাৰ নাই, ছর্টকাটত চূড়ান্ত শাস্তি দিয়া উচিত প্রকাশ্যে। প্রধানমন্ত্রীৰ এই মন্তব্যক লৈ সমালোচনা আৰম্ভ হ’লেও, নাৰকীয় ঘটনাটোক কোনো কাৰণতেই মানি ল’ব পৰা নাযায়।
উল্লেখ্য যে বিগত ৯ ছেপ্টেম্বৰৰ নিশা দুই সন্তানক লৈ গাড়ী চলাই লাহোৰৰ পৰা গুজৰানৱালা প্রদেশলৈ গৈছিল ৩০ বছৰীয়া এগৰাকী বোৱাৰী। হাইৱেত হঠাৎ তেল শেষ হোৱাত ঘটে বিপত্তি।
এই পৰিস্থিতিতে পেট্রোল পাম্প বিচাৰি স্বামীক ফোন কৰিছিল তেওঁ।
অভিযোগ, সেই সময়তেই দুজন যুৱক তাৰ ওপৰত জঁপিয়াই পৰি সন্তান কেইটাৰ সন্মুখতেই নাৰকীয় নির্যাতন চলায়। মহিলাগৰাকীৰ লগত থকা টকা আৰু কার্ডো কাঢ়ি লৈ পলায়ন কৰে ধৰ্ষণকাৰী দুটা।
ইয়াতেই কাহিনী শেষ নহয়৷ অভিযোগ উঠা মতে, এই ঘটনাৰ তদন্তত নামি আৰক্ষীয়ে ওলোটাই দোষ দিয়ে ধর্ষিতা মহিলাগৰাকীকে, কিয় তেওঁ কোনো পুৰুষ সঙ্গী অবিহনে অকলে নিশা ৰাস্তালৈ ওলাইছিল! তাৰ পিছতেই প্রতিবাদত উত্তাল হৈ উঠে সমগ্ৰ দেশ। ৰাজপথত নামে বিভিন্ন মানৱ অধিকাৰ সংগঠন। হাজাৰ হাজাৰ পোষ্টাৰেৰে ভৰি যায় পথ।
চাপৰ মুখত পৰি বৃহস্পতিবাৰেই ধর্ষণত জড়িত থকাৰ অভিযোগত ১৫ জনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। শনিবাৰে অভিযুক্ত দুজনৰ ফটোও প্রকাশ কৰে আৰক্ষীয়ে। তেওঁলোকক ধৰি দিলে ২৫ লাখ পাকিস্তানী মুদ্রা পুৰস্কাৰো ঘোষণা কৰা হব ।
ইয়াৰ পিছত দেওবাৰে এজন অভিযুক্তই আত্মসমর্পণ কৰে বুলি জনা গৈছে, কিন্তু সি এতিয়াও অপৰাধ স্বীকাৰ কৰা নাই। দাবী কৰিছে, সি এই ঘটনাত জড়িত নহয়। তাৰ ডিএনএ টেষ্ট কৰা হ’ব বুলি জনা গৈছে। এই ধর্ষণৰ ঘটনাত আৰু ধর্ষণ পৰৱর্তী আৰক্ষীৰ অমানৱীয়তাত যি প্রতিবাদৰ জোৱাৰ উঠিছে দেশজুৰি, তাৰ ফলত পৰিস্থিতি কার্যত নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি গৈছে।
ইয়াৰ পিছতেই সাধাৰণ মানুহৰ প্রশ্ন, এইগৰাকী মহিলা যে কাৰোবাৰ ভনী বা স্ত্রী হ’ব পাৰে, এই দেশত নাৰীৰ নিৰাপত্তা ক’ত! আনহাতে, প্রতিবাদৰ জোৱাৰ কমাবলৈ ধর্ষণকাৰীৰ পুৰুষাঙ্গ কটাৰ নিদান দিছে প্রধানমন্ত্রী ইমৰান খানে। প্রকাশ্যে প্রধানমন্ত্রীৰ এনে মন্তব্যক লৈও পাকিস্তানত পুনৰ হৈ-চৈ আৰম্ভ হৈছে।
অৱশ্যে ইমৰন খানৰ ব্যাখ্যা, এনে ধৰণৰ ‘কেপিটেল পানিছমেন্ট’ক লৈ যিমানবাৰ আলোচনা হৈছে সিমানবাৰেই দেখা গৈছে আন্তর্জাতিক মহলৰ পৰা আপত্তি আহিছে। সেই কাৰণে অপৰাধৰ তীব্রতা অনুযায়ী ‘ডিগ্রী’ নির্ধাৰণ কৰি ৰাসায়নিকভাবে বা অস্ত্রোপচাৰৰ মাধ্যমেৰে পুৰুষাঙ্গ কাটি পেলোৱা উচিত বুলিয়েই ভাবে তেওঁ৷











