নিউজ ডেক্স:
আগ্ৰাৰ তাজমহলৰ কাষত নতুন যাদুঘৰ নিৰ্মাণ হৈছে৷ এই যাদুঘৰৰ নামকৰণ কৰিবলৈ গৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰশ্ন কৰিছে, কিদৰে আমাৰ হিৰ’ মুগল হ’ব পাৰে৷
নতুন যাদুঘৰ কোনো মুগল সম্ৰাটৰ নামত নহয়, বৰং মাৰাঠী বীৰ ছত্ৰপতি শিৱাজীৰ নামত হ’ব বুলি জনাই দিলে মুখ্যমন্ত্ৰী যোগীয়ে৷ তেওঁৰ ঘোষণা, বিজেপি চৰকাৰে কোনো ‘দাসত্ব’ৰ চিহ্ন বহন নকৰে৷
‘দাসত্ব’ৰ সৈতে জড়িত থকা সকলো নস্যাৎ কৰিব৷ তাজমহলৰ কাষত ছয় একৰ ভূমিত নিৰ্মাণ হৈছে নতুন যাদুঘৰ৷ তাত থাকিব মুগলৰ স্থাপত্য, কীর্তি, শিল্পকলাৰ নির্দর্শন, ছবি, অস্ত্রশস্ত্র।
মুগলৰ জীৱনধাৰা, ৰন্ধনকৌশল, পোচাক তুলি ধৰিব৷ তীব্ৰ গতিত চলিছে এই নিৰ্মাণ কাৰ্য৷ সেই যাদুঘৰক লৈ হোৱা তদাৰকী বৈঠকত মুখ্যমন্ত্ৰী যোগীয়ে কয়, মুগল আমাৰ হিৰ’ হ’ব নোৱাৰে।











