
নিউজ ডেস্ক :
উত্তৰ প্রদেশত নতুন আৰক্ষী আইন আৰম্ভ কৰিবলৈ আগবাঢ়িছে যোগী আদিত্য নাথৰ চৰকাৰে। এই উদ্দেশ্যে তৈয়াৰ হৈছে নতুন বাহিনীও। এই আইন কার্যকৰী হ’লে ৰাজ্যৰ গৃহ বিভাগৰ নতুন ‘স্পেচিয়েল ছিকিউৰিটি ফ’ৰ্চ’-এ (এছএছএফ) কোনো পৰোৱানা অবিহনেই চালাচী অভিযান চলাব পাৰিব। আনকি, সন্দেহভাজনক গ্রেপ্তাৰো কৰিব পাৰিব।
উত্তৰ প্রদেশ বিধানসভাৰ চলিত বৰ্ষাকালীন অধিবেশনতেই গৃহীত হৈছে, ‘উত্তৰ প্রদেশ স্পেচিয়েল ছিকিউৰিটি ফ’ৰ্চ বিধেয়ক-২০২০’। দেওবাৰে ৰাজ্যৰ অতিৰিক্ত মুখ্যসচিব (গৃহ) অবনীশ কুমাৰ অৱস্থিয়ে জনাইছে, ৰাজ্য বিধানসভাত গৃহীত হোৱা আইন অনুযায়ী গঠিত এছএছএফ বাহিনীৰ হাতত এই বিশেষ ক্ষমতা দিয়া হ’ব। ইতিমধ্যেই যোগী চৰকাৰ এই উদ্যোগ কেন্দ্ৰ কৰি বিতর্ক সৃষ্টি হৈছে। নতুন বাহিনী গঢ়ি বৰ্ধিত ক্ষমতা দিয়াৰ উদ্যোগক ভাৰতীয় সংবিধানৰ ভাবধাৰাৰা বিৰোধী বুলি ভাবিছে বহুতেই। তেওঁলোকৰ মতে, এই উদ্যোগ কার্যকৰী হ’লে নাগৰিক অধিকাৰ খর্ব হোৱাৰ আশঙ্কা আছে।
কেন্দ্রীয় বাহিনী চিআইএছএফৰ সাঁচতেই বিশেষ ক্ষমতা সম্পন্ন এছএছএফ বাহিনীক ৰাজ্যৰ চৰকাৰী প্রতিষ্ঠান, আদালত, বিমানবন্দৰ, মেট্রো ৰে’ল, বেঙ্ক, বাণিজ্যিক আৰু উদ্যোগ প্রতিষ্ঠানৰ নিৰাপত্তাৰ দায়িত্ব দিয়া হ’ব বুলি জনায় তেওঁ। অৱনীশ কুমাৰে টুইটাৰত লিখিছে, ‘‘এই বাহিনীক বিশেষ ক্ষমতা দিয়াৰ বাবে আগন্তুক আৰক্ষী বিধিত প্রয়োজনীয় সংশোধন কৰা হ’ব। মেজিষ্ট্ৰেটৰ অনুমতি বা পৰোৱানা অবিহনেই কোনো ঠিকনাত তালাচী বা কোনো ব্যক্তিক গ্রেপ্তাৰ কৰিব পাৰিব এই বাহিনীয়ে।’’ ১৯৬৮ চনৰ চিআইএছএফ আইনৰ ১১ আৰু ১২ নম্বৰ অনুচ্ছেদ অনুযায়ী সম্ভাৱ্য অপৰাধ ৰুধিবলৈ একেই ধৰণৰ পদক্ষেপৰ ক্ষমতা আছে এই কেন্দ্রীয় বাহিনীৰ।











