
নিউজ ডেস্কঃ
কোভিডৰ প্রতিষেধক যদিও বা তৈয়াৰ হয়, সেয়া বিশ্ববাসীৰ হাতলৈ এতিয়াই নাহে। বৰং তাৰ বাবে অপেক্ষা কৰিব লাগিব প্ৰায় চাৰি-পাঁচ বছৰ। এনে এক নিৰাশাজনক কথাই শুনালে চিৰাম ইনষ্টিটিউটৰ শীর্ষ বিষয়া আদৰ পুণাৱালাই। তেওঁৰ দাবী, সমগ্ৰ বিশ্বৰ বাবে পর্যাপ্ত কোভিড প্ৰতিষেধক তৈয়াৰ কৰিবলৈ ২০২৪ৰ শেষ পর্যন্ত অপেক্ষা কৰিব লাগিব।
কিয় এই দাবী চিৰামৰ বিষয়াৰ? পুণেৰ ঔষধ উৎপাদনকাৰী কোম্পানীটোৰ চিফ এগ্জিকিউটিভ আদৰ পুণাৱালাৰ দাবী, সমগ্ৰ বিশ্বৰ কোভিড ৰোগীৰ ওচৰত প্রতিষেধক উপনীত কৰোৱাৰ দৰে সামর্থ্য নাই ঔষধ প্রস্তুতকাৰী কোম্পানীবোৰৰ। আদৰে জনাইছে, ঔষধ প্রস্তুতকাৰী কোম্পানীবোৰে উৎপাদন ক্ষমতা অতি দ্রুততাৰে বৃদ্ধি কৰিব পৰা নাই, যাতে বিশ্বৰ সকলো কোভিড ৰোগীৰ ওচৰত প্রতিষেধক কম সময়ত উপস্থিত হ’ব পাৰে। আদৰৰ দাবী, “বিশ্বৰ সকলোৰে ওচৰত টীকা উপলব্ধ কৰাবলৈ অন্তত চাৰি-পাঁচ বছৰ সময় লাগিব।”











