অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাত বিধানসভা সমষ্টিৰ প্ৰায় ৭ খন পঞ্চায়তেই দ অঞ্চলৰ আৰু এই অঞ্চলসমূহত প্ৰতিটো বানপানীতে নৈপৰীয়া ৰাইজৰ দুখ-দুৰ্দশা কুলাই পাচিয়ে নধৰা হয়। বোকাখাত নিৰ্মাণ গোটৰ সভাপতি তথা বোকাখাত বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে এই বানপিড়ীত লোকসকলৰ বাৰিষা সময়ত যাতায়ত আৰু বানপানীৰ পৰা উদ্ধাৰ পাবলৈ ইতিমধ্যে আৰম্ভ কৰিছে প্ৰথম পৰ্যায়ৰ এশখন নাওঁ নিৰ্মাণ কাৰ্য।
ইতিমধ্যে ৩৫খন নাও ৰাইজৰ মাজত বিতৰণ কৰাৰ পাছত যোৱা ১৩ ছেপ্তেম্বৰত পুনৰ ১০ খন নাও টিকিৰাই চাপৰি, চেলেক চাপৰি, পাকিলী চোক, পাঠৰী চোক, ২নং মেদক গাঁও, মৰঙীয়াল গাঁও, কান ফলা গেলাবিল, দিচৈ গুলুং টেমেৰা, কানফলা গেলাবিল, দিচৈ মিছিমি আটি আদি গাৱঁত বিতৰণ কৰে ৷ বানেধোৱা এলেকাসমূহত এশখন নাও প্ৰদান কৰাৰ পাছতে “ঘৰে প্ৰতি নাও” নামৰ এক দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰাৰ কথা আজি এই প্ৰতিবেদক জানিবলৈ দিয়ে। প্ৰকৃতিৰ বান পৃথিৱী থকালৈকে থাকিব আৰু এই অঞ্চলৰ ৰাইজৰ বাবে একোখন নাও সদায় অপৰিহাৰ্য হৈ থাকিব বুলি উল্লেখ কৰি জিতেন গগৈয়ে উক্ত অঞ্চলসমূহৰ বাট-পথসমূহ স্থানীয় লোকৰ সহযোগিতাত নিৰ্মাণ কৰিব বুলি জনায়।
তেখেতে লগতে কয় যে পূৰ্বৰ দৰেই তেখেতে সমষ্টিৰ যিটো অঞ্চললৈ গাড়ী চলাই যাব পৰাকৈ ৰাস্তাসমূহো নিৰ্মাণ কৰি যাব বুলি মন্তব্য কৰে। বোকাখাৰ বিধায়ক হিচাপে একাধিক বাৰ সমষ্টি নিজৰ দখলত ৰখা গগৈয়ে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে নিজকে এগৰাকী প্ৰাৰ্থী হিচাপে ইতিমধ্যে আনুষ্ঠানিক ঘোষণা কৰি নিৰ্মাণ গোটৰ শাখাসমূহৰ লগত নিৰ্বাচন কেন্দ্ৰীক আখৰা অব্যাহত ৰখা পৰিলক্ষিত হৈছে।