![]()
নিউজ ডেস্ক:
সংসদৰ বৰ্ষাকালীন অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে বাধ্যতামূলক ক’ৰোনা ভাইৰাছ পৰীক্ষাত ১৭ জন সাংসদৰ নমুনাৰ ৰিপোর্ট পজিটিভ আহিছে। ক’ৰোনা আক্রান্ত হোৱা সাংসদসকলৰ ভিতৰত শাসক দল বিজেপিৰ অধিকাংশ সাংসদ আছে। ইয়াৰ উপৰি ৱাইআৰএছ কংগ্রেছ, শিৱসেনা, ডিএমকে, আৰএলপিৰ সাংসদো আছে এই তালিকাত।
জানিব পৰা মতে, ১৭ জন কোভিড পজিটিভ সাংসদৰ ভিতৰত ১২ জনই বিজেপিৰ সাংসদ। ইয়াৰ উপৰি ৱাইআৰএছ কংগ্রেছৰ ২ জন সাংসদ আছে আৰু শিৱসেনা, ডিএমকে আৰু আৰএলপিৰ এজনকৈ সাংসদ আছে।
উল্লেখযোগ্য যে কালি আৰু আজি সংসদ ভৱনত লোকসভাৰ সাংসদসকলৰ নমুনা পৰীক্ষা কৰা হৈছিল।












