নিউজ ডেস্ক:
দেশজুৰি লেকামহীন কৰোনা সংক্রমণ। পূছ লাদাখত প্রকৃত নিয়ন্ত্রণ ৰেখাত ভাৰত-চীন সঙ্ঘাত। প্ৰায় ছয়খন অধ্যাদেশ আৰু ছয়খন বিল গৃহীত কৰোৱাৰ চেষ্টাত শাসক দল। অন্যহাতে অধিবেশন আৰম্ভণিৰ পূৰ্বে সর্বদলীয় বৈঠক বাতিল, অধিবেশনত প্রশ্নোত্তৰ কাল বাতিল আৰু শূন্য ঘণ্টাৰ সময় কমোৱাসহ নানা বিষয়ত সৰৱ বিৰোধী।
তেনে অৱস্থাতে আৰম্ভ হ’ল ১৮ দিনৰ বাবে লোকসভাৰ বৰ্ষাকালীন অধিবেশন। চলিব ১ অক্টোবৰ পর্যন্ত। অধিবেশন আৰম্ভণিৰ পূৰ্বে পূব লাদাখ আৰু কৰোনা প্ৰসংগত দেশবাসীক বার্তা দিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে।
১৫ জুনত পূব লাদাখৰ গালৱান উপত্যকাত নিয়ন্ত্রণ ৰেখাত সেনা সংঘর্ষত ২০ ভাৰতীয় জোৱানৰ মৃত্যু হৈছে। তাৰ পিছত সামৰিক ওআৰুকূটনৈতিক স্তৰত আলোচনাৰ পিছত সেনা আঁতৰোৱাৰ প্রক্রিয়া আৰম্ভ হৈছে।
কিন্তু বিগত দুসপ্তাহত নতুনকৈ পেংগং হ্ৰদ এলেকাত প্ৰায় চাৰিবাৰ চীনা আগ্রাসনৰ চেষ্টা হৈছে। অৱশ্যে ভাৰতে তাক বিফল কৰিছে। এই পৰিস্থিতিত আজি প্রধানমন্ত্রীয়ে কয়, ‘‘আশাকৰো সংসদ ঐক্যবদ্ধ হৈ এই বার্তা দিব যে, দেশবাসী আমাৰ সেনা জোৱানসকলৰ কাষত আছে।’’












