নিউজ ডেস্ক:
ক’ৰোনা সংক্রমণৰ কাৰণে প্ৰভাৱ পৰিল সর্বদলীয় বৈঠকতো। প্রতিবাৰে সংসদ আৰম্ভণিৰ ঠিক পূৰ্বে সর্বদলীয় বৈঠক অনুষ্ঠিত হ’লেও এইবাৰ ক’ৰোনা সংক্রমণৰ কাৰণে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সেয়া বাতিল কৰাত ক্ষুব্ধ বিৰোধীয়ে চৰকাৰৰ মনোভাবক লৈয়েই প্রশ্ন তুলিছে।
প্রায় ছয় মাহ পিছত আজিৰে পৰা আৰম্ভ হোৱা ১৮ দিনৰ এই সংসদীয় অধিবেশনত কৃষি-বিপণন সংক্রান্ত তিনখন বিল (যিসমূহৰ বাবে ইতিমধ্যেই অধ্যাদেশ জাৰি কৰিছে কেন্দ্রই)-সহ একাধিক গুৰুত্বপূর্ণ বিল অনুমোদনৰ লক্ষ্য লৈছে নৰেন্দ্র মোদী চৰকাৰে। ইয়াৰ ভিতৰত কৃষি-বিপণন সংক্রান্ত বিলসমূহক লৈ উত্তপ্ত হ’ব পাৰে সংসদৰ অধিবেশন।
চলিত অধিবেশনতেই সেইবোৰ গৃহীত কৰিবলৈ বদ্ধপৰিকৰ মোদী চৰকাৰক ৰাজ্যসভাত ৰুধিবলৈ সক্রিয় হৈছে বিৰোধী। কালি লোকসভাৰ বিষয়ত পৰামর্শদাতা কমিটিৰ বৈঠকৰ প্রাক্তন ৰাষ্ট্রপতি প্রণব মুখাৰ্জীৰ মৃত্যুত এদিন ছুটি ঘোষণাৰ দাবী কৰে কংগ্রেছ আৰু তৃণমূলে।
শাসক শিবিৰে জনায়, সময় কম থকাত এদিন সংসদ বন্ধ ৰখা সম্ভব হোৱা নাই। কিন্তু প্রণব মুখাৰ্জী আৰু অন্য যিসকল সাংসদ বিগত ছয় মাহৰ ভিতৰত মৃত্যু হৈছে, তেওঁলোকৰ স্মৃতিত আজি এক ঘণ্টাৰ বাবে সংসদ বন্ধ থাকিব।তাৰ মাজতেই আজিয়েইই ৰাজ্যসভাৰ উপাধ্যক্ষ নির্বাচন হোৱাৰ কথা।












