নিউজ ডেক্স:
এক অবিশ্বাস্য কাম সম্পন্ন কৰিলে বিহাৰৰ এজন বৃদ্ধই৷ বিহাৰৰ এখন গাঁৱত পানী যোগান ধৰিবলৈ তিনি কিলোমিটাৰ দীঘল খাল নিজ হাতেৰে খান্দিলে এজন বৃদ্ধই৷ পাহাৰত হোৱা বৰষুণৰ জলধাৰা এই খালেৰে বৈ যায় তেওঁৰ গাঁৱলৈ৷
বৃদ্ধজনৰ এই কাৰ্যত বিভিন্নজনে ভূয়সী প্ৰশংসা কৰিছে৷ শস্য পথাৰত পানীৰ ব্যৱস্থা কৰাৰ চিন্তাৰে কামটো কৰে গয়াৰ লাঠুৱা অঞ্চলৰ কোঠিলবা গাঁৱত৷ লৌংগি ভূঞা নামৰ এই বৃদ্ধই গৰু চৰিবলৈ গৈ বহি নাথাকি নিজকে খাল খন্দাৰ কামত জড়িত কৰে৷ তেওঁ কয়, ‘এই খালটো খান্দিবলৈ মোক ৩০ বছৰ লাগিছে৷ ইয়াৰ যোগেদি আমাৰ গাঁৱলৈ পানী যাব৷ যোৱা ৩০ বছৰ ধৰি মই হাবিত গৰু চৰাবলৈ গৈ এই খালটো খান্দিছো৷
এই কামত মোক কোনেও সহায় কৰা নাই৷ গাঁওবাসীয়ে চহৰত যিপাৰে কামৰ বাবে যায়৷ কিন্তু মই ইয়াতে থকাৰ স্থিৰ কৰো৷’ গয়া জিলাৰ সদৰৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দূৰৈত অৱস্থিত কোঠিলবা গাঁওখন পাহাৰ আৰু হাবিয়ে আবৰা৷ ফলত মাওবাদীৰ অন্যতম নিৰাপদ ঘাটি বুলি পৰিচিত৷ গাঁওবাসীয়ে মূলত খেতি আৰু গো পালন কৰি জীবিকা নিৰ্বাহ কৰে৷
অৱশ্যে কিছু ব্যক্তিয়ে নগৰত বাস কৰিছে৷ গাঁৱত সাধাৰণতে পানী থাকে৷ কিন্তু বাৰিষাৰ সময়ত পাহাৰৰ পৰা অতিৰিক্ত পানী নদীত পৰে৷ সিয়ে লৌংগিৰ মনলৈ ভাব আহে এই পানীৰ সদ্ব্যৱহাৰ কৰাৰ৷ কাৰো সহায় নোলোৱাকৈ তেওঁ নিজ হাতেৰে এটা খাল খান্দি গাঁৱৰ কল্যাণ কৰাৰ বাবে প্ৰশংসাৰে উপচাই দিছে স্থানীয় শিক্ষক ৰামবিলাস সিঙে৷
শিক্ষকজনে কয়, নিজৰ কামৰ বাবেই এইবাৰ পৰিচিত হ’ল লৌংগি৷ এই কামত লৌংগিক কোনেও সহায়ৰ হাত আগবঢ়োৱা নাই বুলি স্থানীয় গাঁওৱাসী পট্টি মাঞ্জিয়ে কয় যে নিজৰ সুবিধাৰ কথা নাভাবি গাঁৱৰ কথা ভাবিলে লৌংগিয়ে৷













