ডাঙৰ দুর্ঘটনাৰ কবলত কঙ্গো। দেশখনৰ এটি বিশাল সোণৰ খনিত ভয়ংকৰ দুর্ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে, ব্যাপক ভূমিস্খলন ঘটিছে তাত। ভয়ঙ্কৰ এই দুর্ঘটনাত এই পর্যন্ত ৫০ জনৰ মৃত্যুৰ খবৰ পোৱা গৈছে। কিন্তু এই সংখ্যা আৰু বাঢ়িব পাৰে বুলি আশঙ্কা কৰা হৈছে।
কাৰণ এই পর্যন্ত বহু লোকৰ সন্ধান পোৱা হোৱা নাই। বিগত কেইবা দিন ধৰি প্রবল বৃষ্টিপাতৰ কাৰণে দক্ষিণ কিভু প্রদেশৰ কামিতুগা চহৰৰ সোণৰ খনিত মর্মান্তিক এই দুর্ঘটনা ঘটে। প্রাদেশিক গভর্নৰ থিও এনগবাবিজে কাচিয়ে কয়, ‘৫০ জনৰ মর্মান্তিক মৃত্যু হৈছে, তাৰে বেছিভাগেই যুৱক।’
কামিতুগাৰ মেয়ৰ আলেকজান্দ্র বুন্দিয়াই কয়, ‘আমি বৰ্তমানো হতাহতৰ সঠিক সংখ্যা সম্পর্কে নিশ্চিত নহয়।’ ভয়াবহ এই দুর্ঘটনাৰ পিছতেই ছচিয়েল মিডিয়াত বিয়পি পৰে দুর্ঘটনাৰ বিভিন্ন ছবি আৰু ভিডিও। ভাইৰেল হৈ যোৱা ছবি আৰু ভিডিওসমূহত দেখা যায়, ভয়ঙ্কৰ এই দুর্ঘটনাৰ পিছত খনিটোৰ প্রবেশ পথত কেইবা শ লোকক দেখা গৈছে। শুনা গৈছে কান্দোনৰ ৰোল। বিশ্বৰ অন্যতম বৃহৎ এই সোণৰ খনিটো।
বহু লোকে একেলগে তাত কাম কৰে। ভূমিস্খলনৰ পিছত বহুতেই পলোৱাৰ চেষ্টা কৰে। কিন্তু বন্দী হৈ পৰে। আতঙ্কিত হৈ পৰে। আৰু সেই আতঙ্কৰ পৰাই হুৰমুৰ আৰম্ভ হৈ যায় শ্রমিকসকলৰ মাজত। ফলত সেয়া মুহূর্ততে ভংকৰ পৰিস্থিতি হৈ পৰে।
একাধিক সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, কঙ্গোৰ বিভিন্ন অনুমোদিত সোণৰ খনিতে প্রায়েই দুর্ঘটনাৰ খবৰ শুনা যায়। যোৱা বছৰৰ অক্টোবৰতো দেশখনত অব্যৱহৃত এটি সোণৰ খনিত ভয়ঙ্কৰ ভূমিস্খলনৰ ঘটনা ঘটে। আৰু সেই ঘটনাত ১৬ জনৰ মৃত্যু হয়।













