দেওবাৰে পুৱা এইমছত মৃত্যু হয় এসময়ৰ লালু প্ৰসাদ যাদৱৰ সোঁহাত স্বৰূপ, আৰজেডিৰ অন্যতম প্ৰতিষ্ঠাতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰঘুবংশ প্ৰসাদ সিঙৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ।
উল্লেখযোগ্য যে কিছু দিন পূৰ্বে কৰোনা আক্রান্ত হৈছিল ৰঘুবংশ প্ৰসাদ। তাৰ পৰা সুস্থ হৈ উঠিলেও তেওঁৰ কিছু শাৰীৰিক সমস্যা ৰৈ গৈছিল। এইমছত ভর্তিও হৈছিল তেওঁ। হস্পিটেলৰ পৰাই লালুপ্রসাদক চিঠি লিখি দল ত্যাগৰ কথা জনাইছিল ৰঘুবংশ প্ৰসাদে।
১৯৯৭ চনৰ জনতা দলৰ সময়ৰ পৰাই লালু প্রসাদৰ সঙ্গী আছিল ৰঘুবংশ প্ৰসাদ। প্রথম মনমোহন সিং চৰকাৰৰ তেওঁ গ্রামোন্নয়ন মন্ত্রীও আছিল। তাৰ পূৰ্বেও দেবেগৌড়াৰ দিনত তেওঁ পশুপালন বিভাগৰ কেন্দ্ৰীয় মন্ত্রী আছিল। কোৱা হয়, ১০০ দিনৰ কামৰ প্রকল্পটো তেওঁৰেই মস্তিস্কপ্রসূত। আৰজেডিত তেওঁ আছিল ৰাষ্ট্ৰীয় উপ-সভাপতি। চাৰি দশকৰো বেছি সময় ধৰি বিহাৰ আৰু ৰাষ্ট্ৰীয় ৰাজনীতিৰ বহু ঘাত-প্রতিঘাতৰ সাক্ষী আছিল ৰঘুবংশ প্ৰসাদ সিং। তেওঁৰ মৃত্যুত এটি যুগৰ সমাপ্তি ঘটিল।












