
প্ৰধানমন্ত্ৰী আবাস যোজনাত মধ্যপ্ৰদেশত ১.৭৫ লাখ ঘৰ উদ্বোধন নৰেন্দ্ৰ মোডীয়ে৷ শনিবাৰে দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্স যোগে মধ্যপ্ৰদেশত ‘গৃহ প্ৰৱেশ অনুষ্ঠান’ প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰে৷ এই অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান উপস্থিত আছিল৷ ২০২২ চনৰ ভিতৰত সকলোৰে বাবে ঘৰৰ কথা ঘোষণা কৰিছিল মোডী চৰকাৰে৷ তাৰ অংশ হিচাপে ২০১৬ চনৰ নৱেম্বৰত আৰম্ভ কৰা হয় প্ৰধানমন্ত্ৰী আবাস যোজনা-গ্ৰামীণ৷ এই যোজনাৰ আওতাত ইতিমধ্যে দেশজুৰি ১.১৪ কোটি ঘৰ নিৰ্মাণ কৰা হৈছে৷ এই প্ৰকল্পৰ অংশ হিচাপে শনিবাৰে মধ্যপ্রদেশত প্রধানমন্ত্রীয়ে ১.৭৫ লাখ ঘৰ উদ্বোধন কৰে ৷
উল্লেখ্য যে ৰাজ্যখনত এই পৰ্যন্ত ১৭ লাখ দৰিদ্ৰ পৰিয়াল এই প্ৰকল্পত উপকৃত হৈছে৷ নতুন গৃহ প্ৰৱেশৰ উদ্দেশ্যে “গৃহ প্রভেশাম” নামৰ এক অনুষ্ঠানত অংশ লয় প্রধানমন্ত্রীয়ে৷ অনুষ্ঠানত দৰিদ্ৰসকলক শক্তিশালী কৰাত গুৰুত্ব দি প্ৰধানমন্ত্ৰীয়ে কয়, দৰিদ্ৰতা অৱসান ঘটাই দৰিদ্ৰসকলক শক্তিশালী কৰা হ’ব৷












