সাম্প্রদায়িক সম্প্রীতিৰ অনন্য নিদৰ্শন পশ্চিমবঙ্গৰ পূব বর্ধমানৰ তালিত এলেকাত। অঞ্চলটোত মুছলিমসকলৰ কবৰস্থান নাছিল দীর্ঘদিন ধৰি। কবৰস্থানৰ বাবে মাটি দান কৰিলে এজন হিন্দু ব্যক্তিয়ে।
স্বাভাবিকভাবেই এই ঘটনাক কেন্দ্র কৰি উৎসাহ সৃষ্টি হৈছে এলেকাটোৰ লোকসকলৰ মাজত। অঞ্চলটোৰ বাসিন্দা কালিকৃষ্ণ মুখার্জীয়ে এক একৰতকৈও অধিক মাটি দান কৰিছে। মুছলিমসকলৰ কবৰস্থান নথকাৰ বাবে সমস্যাত পৰি এলেকাটোৰ সংখ্যালঘু লোকসকলে কৰা আবেদনৰ প্ৰতি সঁহাৰি দি আহে তালিতৰ ডাঙ্গাপাৰাৰ বাসিন্দা কালিকৃষ্ণ মুখার্জী।
কালিকৃষ্ণই কয়, হিন্দু-মুছলিম কোনো ভাগ ভাগ নহয়, সকলো গাঁওবাসীয়ে একত্রিত হৈ বসবাস কৰিছে এই এলেকাত। তেওঁ লগতে কয়, মাটি দিবৰ বাবে তেনে ধৰণৰ কোনো স্থান নাছিল। সেয়ে এলেকাটোৰ লোকসকলে বহু দিন ধৰি আবেদন কৰিছিল। তেওঁলোকৰ সেই আবেদনত মই এই মাটিটুকুৰা দান কৰিছোঁ। স্বাভাবিকভাবেই এই উদ্যোগক সাধুবাদ জনাইছে এলেকাটোৰ সর্বস্তৰৰ লোকসকলে।
দেশৰ বিভিন্ন প্রান্তত যিসময়ত সাম্প্রদায়িক হিংসাৰ বাতাবৰণ, বিভিন্ন স্থানত হিন্দু-মুছলিমৰ মাজত সম্পর্কৰ মাজত ব্যৱধান সৃষ্টি হৈছে, তেনে সময়তে আগুৱাই আহি ব্যতিক্রমী পথ দেখালে পূর্ব বর্ধমানৰ তালিতৰ ডাঙ্গাপাৰাৰ বাসিন্দা কালিকৃষ্ণ মুখার্জীয়ে। সকলো সম্প্রদায়ৰ মানুহৰ মাজত ঐক্যমিলনৰ বার্তা দিয়েই এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে তেওঁ।












