গভীৰ সঙ্কটত প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা সম্প্রতি আৰজেডিত্যাগী নেতা ৰঘুবংশ প্রসাদ সিং। তেওঁক ভেন্টিলেচনত ৰখা হৈছে। শনিবাৰে তেওঁৰ ঘনিষ্ঠ সূত্রে এই খবৰ জনোৱা হৈছে। কোভিড পৰবর্তী জটিলতা দেখা দিয়াত ৰঘুবংশ প্ৰসাদ এসপ্তাহ ধৰি দিল্লী এইমছত চিকিৎসাধীন।
তেওঁৰ ঘনিষ্ঠসকলৰ সূত্ৰ মতে, শুক্রবাৰে নিশা ১১.৫৬ বজাত তেওঁৰ শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটাত তেওঁক ভেন্টিলেটৰত ৰখা হয়।উল্লেখযোগ্য যে বৃহস্পতিবাৰে দলৰ শীর্ষ নেতৃত্বৰ পৰা পদত্যাগ কৰে আৰজেডিৰ প্রতিষ্ঠাকালৰ দলৰ অন্যতম সদস্য ৰঘুবংশ প্ৰসাদে।












