দেশত ক’ৰোনা ভাইৰাছৰ সংক্রমণ নিৰন্তৰ বৃদ্ধি পাই আছে। আৰু তাৰ মাজতে দেশত তৈয়াৰ হোৱা ভেকচিন নির্মাতা কোম্পানী ভাৰত বায়টেক (Bharat Biotech)-এ ক’ৰোনা ভেকচিনক লৈ এক আনন্দৰ খবৰ দিছে। ভাৰত বায়টেকে ঘোষণা কৰিছে যে, কোভাক্সিনৰ পশুৰ ওপৰত ট্রায়েল সফল হৈছে।
হায়দৰাবাদৰ ফার্মখনে ট্যুইট কৰি জনাইছে যে, ‘ভাৰত বায়টেকে গৌৰৱৰ সৈতে কোভেক্সিন পশুৰ ওপৰত গৱেষণাৰ পৰিণাম ঘোষণা কৰিছে। এই ফলাফলসমূহে লাইভ ভাইৰেল চেলেঞ্জ মডেলত প্রতিৰক্ষামূলক কার্যকাৰিতা প্রদর্শন কৰে।” কোৱা হৈছে যে, কোভেকচিনৰ অ-মানৱ স্তন্যপায়ী প্রাণীবোৰৰ (বান্দৰ, বাদুলী) মাজত গৱেষণাৰ ফলাফলত ভেকচিনৰ প্রতিৰক্ষা ক্ষমতা বুজা গৈছে। কোম্পানীটোৱে জনাইছে যে, কোভেকচিনে বাদুলীৰ শৰীৰত এন্টিবডি বিকশিত কৰিছে।












