নিউজ ডেক্স:
চিপিএম, কংগ্ৰেছ আৰু বিজেপিয়ে একেলগে বিধানসভাৰ উপনিৰ্বাচন স্থগিত কৰিবলৈ দাবী কৰি এক নজিৰবিহীন ঐক্য দেখুৱালে কেৰালাত৷ বিহাৰ বিধানসভা নিৰ্বাচনৰ লগতে দেশৰ ৬৫টা সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত কৰিবলৈ লৈছে নিৰ্বাচন আয়োগে৷
উপনিৰ্বাচনৰ পৰিকল্পনা বাতিলৰ দাবী জনাই আয়োগলৈ একেলগে চিঠি পঠোৱাৰ সিদ্ধান্ত লৈছে কেৰালাৰ শাসক আৰু বিৰোধীয়ে৷ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে আহ্বান কৰা সৰ্বদলীয় বৈঠকত এই মৰ্মে লোৱা প্ৰস্তাৱত চিপিএম, কংগ্ৰেছ আৰ? বিজেপি নেতৃত্বই ঐকমত্য দিয়ে৷ তেওঁলোকৰ যুক্তি, কেৰালা বিধানসভাৰ ম্যাদ অহা এপ্ৰিলত শেষ হ’ব৷
তাৰ আগতে নিৰ্বাচনী আচৰণবিধি জাৰি হোৱাৰ কথা৷ খৰচ কৰা আৰু ক’ৰোনাৰ মাজত উপনিৰ্বাচন আয়োজন কৰি লাভ কি বুলি প্ৰশ্ন কৰিছে৷ কেৰালাৰ কুট্টানাড আৰশ চাভাৰা বিধানসভা সমষ্টি এলডিএফৰ দখলত আছিল৷ দুয়োজন বিধায়কৰ মৃত্যুত আসন দুখন শূন্য হৈ আছে৷
শাসক এলডিএফ আৰু প্ৰধান বিৰোধী ইউডিএফ কোনেও উপনিৰ্বাচন বিচৰা নাই৷ আনহাতে কেৰালাত পঞ্চায়ত নিৰ্বাচন নৱেম্বৰত হোৱাৰ কথা৷ বিজেপিয়ে বিচাৰে নিৰ্দ্ধাৰিত সময়ত নিৰ্বাচন অনুষ্ঠিত হওক৷ কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফে বিচাৰে নিৰ্বাচনৰ তাৰিখ পিছুৱাই দিয়াৰ৷












