
নিউজ ডেস্ক :
অৱশেষত নিজৰ জিম্মাত থকা অৰুণাচলৰ ৫ যুৱকক ভাৰতৰ হাতত গতাই দিলে চীনে। নিখোঁজ হোৱাৰ ১০ দিন পিছত শনিবাৰে পুৱা ৫ যুৱকক প্রত্যর্পণ কৰা হৈছে বুলি সেনা সূত্রে জানিব পৰা গৈছে। চীনা সৈন্যই (পিএলএ) এই পাঁচগৰাকী যুৱকক ঘূৰাই দিব বুলি শুক্রবাৰেই ইঙ্গিত দিছিল কেন্দ্রীয় ক্রীড়ামন্ত্রী কিৰেণ ৰিজিজুই।
চীনৰ ভূখণ্ডতেই যুৱক কেইজনক হস্তান্তৰিত কৰা হৈছে বুলি সেনা সূত্রত প্ৰকাশ। অৰুণাচলৰ আনজ জিলাৰ কিবিথু পোষ্টৰে ভাৰতীয় ভূখণ্ডত প্রবেশ কৰাৰ কথা তেওঁলোকৰ। ৰিজিজুৱে টুইট কৰি জনাইছিল, ‘চীনৰ সেনাই ভাৰতীয় সেনাক নিশ্চিত কৰিছে যুৱক কেইজনক হস্তান্তৰিত কৰা হ’ব।’
যুৱক কেইজনৰ নাম হৈছে সিংকাম তচ, ডংটু এবিয়া, গাৰু দিৰি, প্রদাদ ৰিংলিং আৰু টানু বাকেৰ।












