শুক্রবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুযায়ী দেশত ক’ৰোনা ভাইৰাছত মুঠ আক্রান্তৰ সংখ্যাই ৪৫ লাখ অতিক্ৰম কৰিছে। কিন্তু আইচিএমআৰৰ সমীক্ষাত পোহৰলৈ আহিছে ভয়ঙ্কৰ তথ্য। কেন্দ্রীয় এই সংস্থাৰ ছেৰ’ ছার্ভে ৰিপোর্ট অনুযায়ী মে’ মাহতেই দেশত মুঠ সংক্রমিত মানুহৰ সংখ্যা ৬৪ লাখ পাৰ হৈ গৈছে। অঙ্কৰ হিচাবত সেয়া হ’লে এতিয়া সেই সংখ্যা যে কিমান কোটিত উপনীত হৈছে, সেই চিন্তাত টোপনি নোহোৱা হৈছে স্বাস্থ্য, প্রশাসনৰ পৰা সাধাৰণ নাগৰিকৰ।
২৫ মে’ৰ পৰা পূৰা ৬৮ দিনৰ সম্পূর্ণ লকডাউন হৈছে দেশত। কার্যত সেই সময়ৰ ভিতৰতেই ১১ মে’ৰ পৰা ৪ জুন পর্যন্ত এটি ছেৰ’ ছার্ভে চলাইছিল আইচিএমআৰে। সম্প্রতি তাৰ ৰিপোর্ট প্রকাশিত হৈছে `ইণ্ডিয়ান জার্নাল অব মেডিকেল ৰিছার্চ’ পত্রিকাত। ৰিপোর্টত কোৱা হৈছে, মে’ মাহত দেশত মুঠ পূর্ণবয়স্ক সম্ভাৱ্য আক্রান্তৰ সংখ্যা ৬৪ লাখ ৬৮ হাজাৰ ৩৮৮। সমীক্ষা আৰম্ভণিৰ দিন ১১ মে’ দেশত ক’ৰোনা আক্রান্তৰ সংখ্যা আছিল ৬৭ হাজাৰ ১৫২। ৪ জুন, সমীক্ষাৰ শেষৰ দিনা সেই সংখ্যা আছিল ২ লাখ ১৬ হাজাৰ ৯১৯। এই পৰিসংখ্যাৰ পৰাই অনুমান কৰিব পৰা যায়, এতিয়া দেশত আক্রান্তৰ সংখ্যা কিমান কোটি।
কেনেদৰে এই সংখ্যা নির্ধাৰণ কৰা হৈছে? সমীক্ষাত ওলাই পৰিছে, সেই সময় দেশত এজন ক’ৰোনা আক্রান্তৰ বিপৰীতে ৮০-১৩০ জনৰ সংক্রমণ নির্ধাৰণ কৰা যোৱা নাই। ৰিপোর্টত কোৱা হৈছে, ‘‘আমাৰ সমীক্ষাত ওলাইছে, সমগ্ৰ দেশত ক’ৰোনা আক্রান্তসকলৰ সন্ধান বাহিৰ কৰাৰ হাৰ অত্যন্ত কম। ইয়াৰ অর্থ, ভাৰত এতিয়াও কোভিড সংক্রমণৰ প্রাথমিক পর্যায়ত আছে আৰু বিপুল সংখ্যক ভাৰতীয় সন্দেহভাজন কৰোনা আক্রান্ত।’’
ছেৰ’ ছার্ভেত ৰক্তৰ চিৰাম সংগ্রহ কৰি ইমিউনোগ্লোবিন জি (আইজিজি) এন্টিবডি টেষ্ট কৰা হয়। কাৰোবাৰ শৰীৰত এই এন্টিবডি টেষ্ট পজিটিভ হ’লে অর্থাৎ শৰীৰত ক’ৰোনাৰ এন্টিবডিৰ উপস্থিতি থাকিলে ধৰি লোৱা হয়, অন্তত বিগত দুই মাহৰ ভিতৰত তেওঁ ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছিল। প্রায় এক মাহ ধৰি দেশৰ ২১খন ৰাজ্যৰ ৭০খন জিলাৰ ৭০০খন গাঁও আৰু পৌৰসভাৰ ৱার্ডত সমীক্ষা চলাইছিল আইচিএমআৰে।
৩০ হাজাৰ ২৮৩টা ঘৰ ঘূৰি মুঠ ২৮ হাজাৰ মানুহৰ নমুনা সংগ্রহ কৰা হৈছিল। তেওঁলোকৰ কোভিড কবচ ‘এলাইজা’ পদ্ধতিত টেষ্ট কৰা হৈছিল। তাৰ ভিতৰত ২৫৬ জনৰ ৰিপোর্ট পজিটিভ আহিছিল। ৬৯ জনৰ ৰিপোর্ট নির্ধাৰণ কৰিব পৰা নাই।
ৰিপোর্টত ওলাই পৰিছে, পজিটিভ ৰিপোর্ট পোৱা মানুহৰ সংখ্যা, অর্থাৎ ক’ৰোনা আক্রান্তসকলৰ ভিতৰত ৭০ শতাংশই গ্রামাঞ্চলৰ। ১৬ শতাংশ চহৰৰ বস্তি এলেকাৰ আৰু বাকী ১৪ শতাংশ চহৰাঞ্চলৰেই বস্তিৰ বাহিৰে অন্য এলেকাৰ। অর্থাৎ সমীক্ষাৰ ৰিপোর্ট অনুযায়ী, এই সময়তেই গ্রামাঞ্চলত সংক্রমণ বিয়পিছিল। অৱশ্যে এই সমীক্ষাত সংগৃহীত নমুনাৰ চাৰিভাগৰ তিনিভাগেই লোৱা হৈছিল গ্রামাঞ্চলৰ মানুহৰ। সেই কাৰণেই গ্রামীণ এলেকাত সংক্রমণৰ হাৰ চহৰৰ তুলনাত বেছি হৈছে।
ইয়াৰ লগতে দেখা গৈছে, মহিলাসকলতকৈ পুৰুষসকলৰ মাজত সংক্রমণৰ হাৰ বেছি। ছেৰ’ পজিটিভিটি ৰেট বা সংক্রমণৰ হাৰ সকলোতকৈ বেছি ১৮ৰ পৰা ৪৫ বছৰ বয়সীয়াসকলৰ মাজত (৪৩.৩%)। ৩৯.৫ শতাংশ আক্রান্তৰ বয়স ৪৬ৰ পৰা ৬০ বছৰৰ ভিতৰত।
আৰু সংক্রমণৰ হাৰ সকলোতকৈ কম ৬০ বছৰৰ ঊর্ধ্বত (১৭.২%)। এই ক্ষেত্রত যুক্তি, ক’ৰোনাৰ বাবে টৰকাৰী নির্দেশনাত ৬০ বছৰৰ ঊর্ধ্বৰ প্রবীণসকলক বাহিৰলৈ ওলোৱাত নিষেধ কৰা হৈছিল। অন্যহাতে, তৰুণ আৰু মধ্য বয়সীয়াসকল কামৰ বাবে বাহিৰ ওলাবলগীয়া হৈছে। মহিলাসকল তুলনামূলকভাৱে কম বাহিৰলৈ ওলাইছে। ফলত তেওঁলোকৰ মাজত সংক্রমণৰ হাৰ কম।











