পিতৃ-মাতৃ সন্তানৰ বাবে পৰম আশ্রয়, ভৰসাৰ স্থল। বৃদ্ধ বয়সত পিতৃ-মাতৃৰ আশা, সন্তানে তেওঁলোকক চাব। কিন্তু উত্তৰ প্রদেশৰ পৰা এনে এক ঘটনা পোহৰলৈ আহিছ, যাক দেখি কান্দোনত ভাঙি পৰে সমগ্ৰ মহাৰাজগঞ্জ এলেকাৰ বাসিন্দা।
সাধাৰণতে পিতৃ-মাতৃৰ মৃত্যুৰ পিছত সন্তানে তেওঁলোকৰ মুখাগ্নি কৰে। কিন্তু ইয়াত ঘটিল ওলোটা। উত্তৰ প্রদেশৰ মহাৰাজগঞ্জ জিলাৰ কোঠিভাৰ থানা এলেকাৰ বাসিন্দা ৰীতাই বুকুত চৰম দুখ-বেদনা লুকুৱাই ৰাখি তেওঁৰ ১৭ বছৰীয়া পুত্ৰৰ মুখাগ্নি কৰে।
ৰীতা দেৱীয়ে জনোৱা মতে, প্রায় দুই দশক পূর্বে তেওঁৰ সৈতে ঈশ্বৰ চৌহান নামৰ এজন ব্যক্তিৰ বিয়া হৈছিল। বিয়াৰ পিছত তেওঁলোকৰ চাৰি সন্তানৰ জন্ম হয়, দিলীপ, সংগীতা, সীমা আৰু ৰীমা। কিন্তু সন্তান কেইটা জন্মৰ কিছুদিন পিছৰ পৰাই ঈশ্বৰ চৌহানে ৰীতা দেৱী সন্তান কেইটাক এৰি পৃথকে থাকিবলৈ আৰম্ভ কৰে।
ৰীতা দেৱীয়ে জনোৱা মতে, তেওঁৰ ডাঙৰ পুত্ৰ ১৭ বছৰীয়া দিলীপ বিকলাঙ্গ আছিল। লাহে লাহে তেনেদৰেই তাক মানুহ কৰিছিল ৰীতা দেৱীয়ে। কিন্তু কিছুদিন ধৰি দিলীপৰ শাৰীৰিক অৱস্থাৰ অৱনতি হ’বলৈ আৰম্ভ কৰে আৰু যোৱা শনিবাৰে নিশা হঠাৎ তাৰ মৃত্যু হয়।
ডাঙৰ পুত্ৰৰ মৃত্যুত শোকত ভাঙি পৰা মাতৃয়ে বুকুত শিল বান্ধি নিজেই পুত্ৰৰ শেষকৃত্য সম্পন্ন কৰে। পিতৃ জীৱিত থকা সত্ত্বেও, মাতৃয়ে কৰিবলগা হয় পুত্ৰৰ মুখাগ্নি। গাঁওবাসীৰ সহায়ত সকলোৰে উপস্থিতিত তেওঁ পুত্ৰৰ মুখাগ্নি কৰে। এই দৃশ্য দেখি কান্দোনত ভাঙি পৰে সমগ্ৰ গাঁওবাসী।












