জম্মু-কাশ্মীৰৰ বডগামত সেনাই শুক্রবাৰে এটা সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ কৰে। উল্লেখ্য, যোৱা ৭ ছেপ্টেম্বৰত এনকাউন্টাৰত এটা সন্ত্ৰাসবাদীৰ গাত গুলী লাগিছিল। সেনাই আজি মৃতদেহ উদ্ধাৰ কৰা সন্ত্ৰাসবাদীটোৰ নাম আকিব লোব বুলি জানিব পৰা গৈছে।
৭ ছেপ্টেম্বৰৰ এনকাউন্টাৰৰ দিনা ডিঙিত গুলী লাগি আহত হৈছিল সি। কিন্তু তাৰ পিছতো তাৰ পৰা পলাবলৈ সক্ষম হয়। সন্ত্ৰাসবাদী আকিবে ছুকনাগ নৰ্দমা জাঁপ মাৰি পলোৱাৰ চেষ্টা কৰিছিল। সেনাই চাৰি দিন ধৰি বিচাৰি অৱশেষত শুক্রবাৰে তাৰ মৃদেহ উদ্ধাৰ কৰে।












