ৰিলায়েন্সৰ স্বপ্নৰ দৌৰ যেন নথমকিবই। এটাৰ পিছত আন এটা মাইলষ্টন পাৰ কৰি গৈছে মুকেশ আম্বানীৰ কোম্পানীটোৱে। বৃহস্পতিবাৰৰ নতুন সংযোজন, ২০ হাজাৰ কোটি মার্কিন ডলাৰৰ ক্লাবত পদার্পণ।
এই প্রথম কোনো ভাৰতীয় কোম্পানীৰ মূল্যই ২০ হাজাৰ কোটি মার্কিন ডলাৰক অতিক্ৰম কৰি গ’ল। আজি কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য ৭ শতাংশৰো বেছি বৃদ্ধি পোৱাৰ ফলতেই ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড (ৰিল)ৰ এই উত্থান।
বৃহস্পতিবাৰে মুম্বাই শ্বেয়াৰ বজাৰ বন্ধৰ সময়ত ৰিলৰ শ্বেয়াৰৰ মূল্য উঠিছে ২৩১৪.৬৫ টকা। আজি শ্বেয়াৰৰ মূল্য বাঢ়িছে ৭.১০ শতাংশ। দিনটোৰ শেষত কোম্পানীটোৰ মুঠ শ্বেয়াৰৰ মূল্য হৈছে ১৫ লাখ ৮৪ হাজাৰ ৯০৮ কোটি টকা।
মার্কিন ডলাৰৰ হিচাবত যিটো ২১৫ বিলিয়নৰো অধিক। নেচনেল ষ্চক এক্সচেঞ্জ (এনএছই)তো মুকেশ আম্বানিৰ কোম্পানীৰ শ্বেয়াৰ মূল্য বাঢ়িছে প্রায় একেই ধৰণে।












