বিহাৰ বিধানসভা নির্বাচনৰ আগে আগে মোক্ষ মআঘাত খালে লালুপ্রসাদ যাদৱৰ দল আৰজেডিয়ে। বৃহস্পতিবাৰে দল ত্যাগ কৰিলে আৰজেডিৰ দীর্ঘদিনৰ নেতা তথা লালুৰ পুৰণি সঙ্গী ৰঘুবংশ প্রসাদ সিঙে। দলৰ বর্তমান অৱস্থাক লৈ বহু দিন ধৰি অসন্তুষ্ট আছিল ৭৪ বছৰীয়া এইগৰাকী ৰাজনীতিক।
আজি বগা কাগজত লালুক হাতে লিখা চিঠি দি ৰঘুবংশ প্ৰসাদে জনাইছে, ‘কর্পূৰী ঠাকুৰৰ মৃত্যুৰ পিছত মই আপোনাৰ ওচৰত আছিলো ৩২ বছৰ ধৰি কিন্তু আৰু নহয়। অনুগ্ৰহ কৰি মোক ক্ষমা কৰিব।’ এই দল আৰু দলৰ প্ৰধানৰ পৰা যথেষ্ট মৰম আৰু সন্মান পাইছে বুলিও চিঠিত তেওঁ উল্লেখ কৰে।
উল্লেখ্য যে ক’ৰোনা ভাইৰাছ ধৰা পৰাত বর্তমান দিল্লীৰ এইমছ হস্পিটেলত ভর্তি হৈ আছে ৰঘুবংশ প্ৰসাদ সিং। লালু প্রসাদ যেতিয়া জনতা দলৰ সদস্য আছিল তেতিয়াৰ পৰাই তেওঁৰ সৈতে জড়িত আছিল ৰঘুবংশ প্ৰসাদ।
তাৰ পিছত যেতিয়া ১৯৯৭ চনত জনতা দল ভাঙি ৰাষ্ট্রীয় জনতা দল বা আৰজেডি সৃষ্টি হ’ল, তেতিয়াৰ পৰা এই দলৰ অভিন্ন অংশ আছিল তেওঁ। কিন্তু লালু জে’ললৈ যোৱাৰ পিছৰ পৰা এতিয়া আৰজেডিৰ অলিখিত প্ৰধান তেওঁৰ কনিষ্ঠ পুত্ৰ তেজস্বী যাদৱ। দলৰ সাময়িক নীতি, সিদ্ধান্তক লৈও ক্ষুব্ধ আছিল ৰঘুবংশ প্ৰসাদ।












