প্রত্যাশিতভাবেই ভাৰততো স্থগিত ৰখা হ’ল অক্সফোর্ডৰ ক’ৰোনা টীকাৰ পৰীক্ষামূলক প্ৰয়োগ (ক্লিনিকেল ট্রায়েল)। অক্সফোর্ডৰ তৈয়াৰী টীকা ‘কোভিশিল্ড’ৰ প্রয়োগ ভাৰতত কৰিছিল চিৰাম ইনষ্টিটিউটে। ছুইডিচ কোম্পানী এষ্ট্ৰাজেনেকাও আছিল কোম্পানীটোৰ সংগী।
আজি কোম্পানীটোৱে বিবৃতি দি জনাইছে, ভাৰততো কোভিশিল্ড পৰীক্ষাৰ তৃতীয় পৰ্যায়ত মানৱ দেহত তাৰ প্রয়োগ স্থগিত ৰখা হৈছে। তৃতীয় তথা শেষ পৰ্যায়ত আহি টীকাৰ প্রয়োগ বন্ধ হৈ যোৱাত এতিয়া সমগ্ৰ বিশ্বৰ লগতে ভাৰততো অনিশ্চিত হৈ পৰিল কোভিশিল্ডৰ ভৱিষ্যৎ।
উল্লেখ্য যে অক্সফোর্ড বিশ্ববিদ্যালয়ৰ তৈয়াৰী কোভিশিল্ডৰ পৰীক্ষামূলক প্রয়োগ চলিছিল বিশ্বৰ চাৰিখন দেশত। অক্সফোর্ডৰ সৈতে যৌথভাবে এই ট্রায়েল চলাইছিল ছুইডিচ কোম্পানী এষ্ট্ৰাজেনেকাই। দ্বিতীয় পৰ্যায়ৰ প্রয়োগ নির্বিঘ্নেই শেষ হৈছিল। চলিছিল তৃতীয় পর্যায়।
তাৰ মাজতেই এষ্ট্ৰাজেনেকাই বুধবাৰে জনায়, ব্রিটেইনত টীকা লোৱা এজন স্বেচ্ছাসেৱকৰ অচিন অসুস্থতা দেখা দিয়াত পৰীক্ষামূলক প্রয়োগ বন্ধ ৰখা হৈছে। অন্য দেশবোৰতো ক্লিনিকেল ট্রায়েল বন্ধ হৈ যায়।
বুধবাৰ পর্যন্ত এই বিষয়ত সিদ্ধান্ত জনোৱা নাছিল ভাৰতৰ চিৰাম ইনষ্টিটিউটে। কিন্তু সিদিনাখন নিশাই ড্রাগ কন্ট্রোলাৰ জেনেৰেল অব ইণ্ডিয়া (ডিচিজিআই)ই চিৰাম ইনষ্টিটিউটলৈ পত্ৰ পঠিয়াই জানিব বিচাৰে, টীকাৰ বিষয়ত তেওঁলোকৰ অৱস্থান কি? অন্যান্য দেশত বন্ধ হ’লেও ভাৰতত কিয় পৰীক্ষামূলক প্রয়োগ চলাই যোৱা হৈছে?
এই পৰিস্থিতিতেই বৃহস্পতিবাৰে চিৰাম ইনষ্টিটিউটে বিবৃতি দি কৈছে, ‘এষ্ট্ৰাজেনেকাৰ নতুনকৈ পৰীক্ষা আৰম্ভ নকৰা পর্যন্ত আমি ভাৰতত পৰীক্ষামূলক প্রয়োগ বন্ধ ৰাখিছো। পৰিস্থিতি পুনর্বিবেচনাৰ কাম চলিছে।’
কোম্পানীটোৰ সূত্রে জানিনব পৰা মতে, সমগ্ৰ ভাৰতত ১৭টা কেন্দ্রত মুঠ ১৬০০ জনৰ ওপৰত তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্রায়েলৰ প্রস্তুতি চলিছিল। পিছৰ সপ্তাহতেই সেই প্রক্রিয়া আৰম্ভ হোৱাৰ কথা আছিল। তাৰ মাজতে এই পৰিস্থিতি সৃষ্টি হোৱাত ভাৰততো কোভিড টীকা তৈয়াৰীৰ প্রক্রিয়াই ডাঙৰ আঘাত খালে। বিপাকত পৰিল চিৰাম ইনষ্টিটিউটও।










