তেওঁৰ মুখেৰে দোষ স্বীকাৰ কৰিবলৈ চাপ দিয়া হৈছে। বাধ্য কৰোৱা হৈছে। আইনী জিম্মা তেওঁৰ বাবে আৰু নিৰাপদ নহয়। এইবুলি জনাই পুনৰ জামিনৰ আবেদন কৰিলে ৰিয়া চক্রৱর্তীয়ে। লগতে কয়, হত্যা আৰু ধর্ষণৰ ভাবুকিও পাইছে তেওঁ।উল্লেখযোগ্য যেচিবিআই, ইডি, এনচিবি— তিনিওটা চৰকাৰী সংস্থাই তদন্ত কৰিছে এই গোচৰৰ। ইমান চাপ তেওঁ ল’ব পৰা নাই। মানসিক চাপ বাঢ়িছে।
অসুস্থবোধ কৰিছে বুলিও জনায় তেওঁ।উল্লেখযোগ্য যে সুশান্ত সিঙক নিচাযুক্ত দ্ৰব্য যোগান দিয়াৰ অভিযোগত গ্রেপ্তাৰ হৈছে ২৮ বছৰীয়া অভিনেত্ৰীগৰাকী। আজি পুনৰ জামিনৰ আবেদনত কয়, ‘কোনো দোষ কৰা নাই। মিছাকৈ জালত পেলোৱা হৈছে মোক।’












