চীনৰ সৈতে সীমান্ত সংঘাতৰ সময়তেই ভাৰতীয় বিমান বাহিনীত অন্তৰ্ভুক্ত হৈছে ৰাফেল। ফৰাচী যুদ্ধ বিমানৰ অন্তর্ভুক্তিৰ ঘটনাক অভিবাদন জনাই এইবাৰ টুইট কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা ইণ্ডিয়ান টেৰিটৰিয়েল আর্মিৰ লেফটেনেণ্ট কর্নেল মহেন্দ্র সিং ধোনিয়ে।
কেপ্টেন কুলে কৰা দুটা টুইটৰ প্রথমটোত লিখিছে, ‘‘চূড়ান্ত অন্তর্ভুক্তি অনুষ্ঠানৰ মাধ্যমেৰে বিশ্বৰ শ্ৰেষ্ঠমানৰ ৪.৫ জেনেৰেচন ফাইটাৰ প্লেন বিশ্বৰ শ্ৰেষ্ঠ পাইলটসকলে পালে। আমাৰ পাইলটসকলৰ হাতত আৰু ভাৰতীয় বায়ুসেনাৰ বিভিন্ন বিমানৰ সংমিশ্ৰণত শক্তিশালী পাখিৰ মাৰণ ক্ষমতা আৰু বৃদ্ধি পাব।’’
অন্য এটি টুইটত সেই স্কোয়াড্রনক শুভেচ্ছা জনাই ধোনিয়ে লিখিছে, ‘‘আমি আশা কৰিম মিৰাজ ২০০০ ছার্ভিচ ৰেকৰ্ডো ভাঙিব পাৰিব ৰাফেলে।’’ লগতে সুখই ৩০এমকেআই যে তেওঁৰ প্রিয় বিমান সেই কথাও জনাবলৈ পাহৰা নাই ধোনিয়ে।












