অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰি থানালৈ অনা হৈছিল ১৬ বছৰীয়া এগৰাকী কিশোৰীক। সেই থানাৰ পৰাই পুনৰ অপহৰণ কৰি নি কেইবা দিনো ধৰি ধর্ষণ কৰে একাধিক ব্যক্তিয়ে। উত্তৰ প্ৰদেশৰ এই ঘটনা পোহৰলৈ আহিছে বুধবাৰে। ঘটনাটোত আৰক্ষীৰ ভূমিকাক লৈ প্রশ্ন তুলিছে সামাজিক আৰু নাৰী অধিকাৰ আন্দোলনৰ কর্মীসকলে।
কিশোৰীগৰাকীৰ ঘৰৰ লোকে জনোৱা মতে, ১৪ আগষ্টত প্রথমবাৰ নিখোঁজ হয় কিশোৰীগৰাকী। সেই ঘটনাৰ তিনি দিন পিছত ঘৰৰ কাষতেই এখন গাঁৱৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে। অপহৰণকাৰীসকলক ধৰিব নোৱাৰে আৰক্ষীয়ে। ইয়াৰ পিছত কিশোৰীগৰাকীৰ মেডিকেল পৰীক্ষাও কৰোৱা হয়। ২১ আগষ্টত নির্যাতিতাৰ ভাষ্য নথিভুক্ত কৰোৱাৰ বাবে মেজিষ্ট্ৰেটৰ ওচৰলৈ যোৱাৰ কথা আছিল।
তালৈ যোৱাৰ পূৰ্বেই এটাৱাৰ আৱাগড় থানাৰ আৰক্ষীৰ জিম্মাৰ পৰাই পুনৰ অপহৰণ কৰা হয় তেওঁক। আৰক্ষীৰ দাবী, যিসকলে আগৰবাৰ অপহৰণ কৰিছিল সিহঁতেই পুনৰ থানাৰ পৰা অপহৰণ কৰে। কিশোৰীগৰাকীৰ নিৰাপত্তাৰ দায়িত্বত থকা মহিলা কনস্টেবলক বাথৰুমত তলা মাৰি কিশোৰীগৰাকীক দ্বিতীয়বাৰৰ বাবে অপহৰণ কৰা হৈছিল বুলি জনাইছে ঘটনাৰ তদন্তকাৰী বিষয়াজনে।












