এওঁ ভাৰতৰ ‘ছুপাৰহিৰো’ নহয়, কিম্বা কোনো ছুপাৰষ্টাৰো। যুদ্ধক্ষেত্রত যুদ্ধ কৰা হাজাৰ হাজাৰ জোৱানৰ কথা আমি প্রতিনিয়ত শুনো। কিন্তু জানে নে ভাৰতৰ বেলেষ্টিক মিছাইল নিৰ্মাণৰ কাহিনীৰ আঁৰত আছে এইগৰাকী মহিলা। যিগৰাকী BMD হিচাপে পৰিচিত।
শশীকলা সিনহা। সৰুৰে পৰাই পঢ়া-শুনাত খুব ভাল আছিল তেওঁ। শ্ৰেণীৰ অন্যান্য ছাত্র-ছাত্রীসকলৰ তুলনাত যথেষ্ট আগুৱাই আছিল তেওঁ। পিতৃয়ে কৈছিল, ‘অন্যসকলে মুখস্থ কৰে, তুমি অঙ্ক বুজিব লাগিব।’ সেইটোৱেই কৰিছিল শশীকলাই।
চাকৰি পাইছিল ডিআৰডিঅ’ত। কেই বছৰমানতে সেই চাকৰি এৰি পঢ়িবলৈ যায় আইআইটি খড়গপুৰলৈ। ইয়াৰ পিছত তেওঁ Society of Microwave Engineering-ত কাম আৰম্ভ কৰে। কিন্তু সন্তান জন্মৰ সময়ত সেই কাম তেওঁ এৰি দিবলগা হয়। ১৯৮৯ চনত জন্ম হয় তেওঁৰ প্রথম কন্যা সন্তান পবিত্র।
শশীকলাৰ পিতৃ আছিল আর্মি ইঞ্জিনিয়াৰ, স্বামী আছিল নৌ সেনাত। কিন্তু এক দুর্ঘটনাত হেৰুৱাবলগা হয় স্বামীক। দুই কন্যা সন্তানক লৈ অকলশৰীয়া হৈ পৰে তেওঁ। ইয়াৰ পিছত পুনৰ যাত্রা আৰম্ভ হয় ডিআৰডিঅ’ৰ সৈতে। কাম আৰম্ভ কৰে ৰিছার্চ চেণ্টাৰত। সেই লেবতেই মিছাইল ছিষ্টেম, গাইডেড ৱেপনক লৈ গৱেষণা হয়।
যেতিয়া তেওঁ বেলেষ্টিক মিছাইলক লৈ কাম আৰম্ভ কৰে, তেতিয়া ভাৰতে এই ধৰণৰ মিছাইল আমদানি কৰাতেই ব্যস্ত। কোনোৱে তেওঁক বিশেষ সহযোগিতা কৰা নাছিল। এডভান্স কোডিং আৰু প্রগ্রেমিং কৰি অসম্ভৱকো সম্ভৱ কৰি তুলিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈ উঠে শশীকলা। প্রবল পৰিশ্রম কৰে। তাৰ পুৰস্কাৰ স্বৰূপে ২০০৭ চনত তেওঁ ‘অগ্নি এৱার্ড’ লাভ কৰে।
ইয়াৰ পিছত ২০১২ত ভাৰতৰ বেলেষ্টিক মিছাইল ডিফেন্স প্রজেক্টৰ সঞ্চালক হয় তেওঁ। এই শশীকলাই হ’ল তেওঁ, যাৰ হাত ধৰিয়েই ভাৰতে নিগাজী স্থান তৈয়াৰ কৰি লৈছে বিশ্বৰ সেইসমূহ দেশৰ সৈতে যিসকলৰ ওচৰত আছে নিজস্ব বেলেষ্টিক মিছাইল ডিফেন্স।












