আফগানিস্তানৰ ৰাজধানী কাবুলত বুধবাৰে দেশৰ প্রথম উপ-ৰাষ্ট্রপতি আমৰুল্লাহ চালেহৰ কনভয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হয়। এই আক্ৰমণত অতি কমেও ১০জন নাগৰিকৰ মৃত্যু হৈছে আৰু বহু কেইজন আহত হয়।
আহতসকলৰ ভিতৰত উপ-ৰাষ্ট্রপতিগৰাকীৰ বডিগার্ডো আছে। গৃহ মন্ত্রালয়ৰ বিষয়াই জনোৱা মতে, কোনো সন্ত্ৰাসবাদী সংগঠনে এতিয়ালৈকে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই আৰু আক্ৰমণত তালিবানৰ হাত নাই বুলি জনাইছে।
চৰকাৰৰ মুখপাত্র ৰজৱান মুৰাদে জনায়, এই আক্ৰমণ আফগানিস্তানৰ উপ-ৰাষ্ট্রপতি আমৰুল্লাহ চালেহৰ কনভয়ক উদ্দেশ্য কৰি কৰা হৈছে। চালেহ আফগানিস্তানৰ চোৰাংচোৱা এজেন্সিৰ প্রধান। আক্ৰমণৰ পিছতেই টেলিভিছনত তেওঁ সুৰক্ষিত আৰু সাধাৰণ আঘাত লগা বুলি জনায়৷ টিভি ফুটেজত তেওঁৰ হাতত বেণ্ডেজ দেখা গৈছে। মুখপাত্র মুৰাদে জনায়, ‘সন্ত্ৰাসবাদীৰ আক্ৰমণ বিফল হৈছে আৰু চালেহ এই আক্ৰমণত সুৰক্ষিত আছে।”
গৃহ মন্ত্রালয়ৰ মুখপাত্র তাৰিক আৰিয়ানে সংবাদ মাধ্যমক জনায় যে, এই বোমা আক্ৰমণ চালেহৰ কনভয়ক লক্ষ্য কৰিয়েই কৰা হৈছিল। আক্ৰমণত দুজনৰ মৃত্যু হৈছে আৰু কেইবাজনো লোক আহত হৈছে। আক্ৰমণৰ পিছত ঘটনাস্থলীত ভয়ানক জুই লাগে। ঘটনাস্থলীৰ আশেপাশে গেছ চিলিণ্ডাৰ বিক্রী হয়, সেই কাৰণে মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলিও তেওঁ জনায়।
উল্লেখ্য যে দুদিন পূৰ্বে চালেহে পাকিস্তানৰ সৈতে চলা সীমান্ত বিবাদৰ প্ৰসংগত মুখৰ হৈছিল। আনকি তেওঁ পেছোৱাৰক আফগানিস্তানৰ ৰাজধানী বুলিও পাকিস্তানক আক্রমণ কৰিছিল। আৰু তাৰ পিছতেই তেওঁৰ ওপৰত এই আক্ৰমণ সংঘটিত হয়।














