২০২১ চনৰ নোবেল শান্তি পুৰস্কাৰৰ বাবে মনোনীত হ’ল মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্প। ইজৰাইল আৰু আৰব ৰাষ্ট্ৰৰ মাজত শান্তি পুনৰ স্থাপনত উল্লেখযোগ্য ভূমিকা লোৱাৰ বাবে তেওঁৰ নাম মনোনীত কৰা হৈছে। তেওঁৰ নামটো মনোনীত কৰিছে নৰৱেৰ ৰাজনীতিবিদ ক্রিশ্চিয়ান টাইব্রিং জেদ্দে। ফক্স নিউজত প্রকাশিত ৰিপোর্টত এই কথা দাবী কৰা হৈছে।
টাইব্রিং জেদ্দেই ফক্স নিউজক জনায়, ‘ট্রাম্পৰ যি ক্ষমতা বা বুদ্ধি, সি অন্যান্য নোবেল শান্তি পুৰস্কাৰ প্রাপকসকলতকৈ বিশ্ব শান্তি প্রতিষ্ঠাত বহু বেছি কাম কৰিছে।’ প্রসঙ্গত উল্লেখ্য, কালি হোৱাইট হাউছৰ পক্ষৰ পৰা জনোৱা হয়, ইজৰাইল আৰু আৰব ৰাষ্ট্ৰৰ মাজত পুৰণি শত্রুতা পাহৰিবলৈ আৰু মধ্যপ্রাচ্যত শান্তি প্রতিষ্ঠা কৰিবলৈ অহা ১৫ ছেপ্টেম্বৰত দুয়োখন দেশে এখন চুক্তিত স্বাক্ষৰ কৰিব। এই সম্পূৰ্ণ বিষয়টোৱেই হৈছে ট্রাম্পৰ মধ্যস্থতাত।
উল্লেখ্য যে, ২০২০ চনত ৩১৮জন এই নোবেল শান্তি পুৰস্কাৰৰ বাবে মনোনীত হৈছিল। অনলাইনতেই এই নোবেল শান্তি পুৰস্কাৰৰ বাবে মনোনীত কৰা হয়। ইয়াৰ পিছত নোবেল কমিটিয়ে মনোনীতসকলৰ মাজৰ পৰা কেইজনমানক বাছি লয়। তেওঁলোকৰ মাজৰ পৰাই এক বা একাধিক ব্যক্তিক এই পুৰস্কাৰ দিয়া হয়












