ভাৰতৰ বর্তমান টেলিকম বজাৰত জিঅ’ সকলোতকৈ বেছি জনপ্রিয়। এটাৰ পিছত আন এটা আকর্ষণীয় অফাৰেৰে দেশবাসীৰ মন কাঢ়িছে জিঅ’ই। এইবাৰ জিঅ’ক টক্কৰ দিবলৈ ভাৰতৰ টেলিকম বজাৰত আত্মপ্রকাশ ঘটিল ‘VI’ৰ। ই আচলতে ভোডাফোন আইডিয়া, ভাৰতত আত্মপ্রকাশ কৰিলে নতুন নাম, লগ’ আৰু প্লেনেৰে। জানো আহক ভোডাফোন-আইডিয়াৰ নতুন ব্ৰেণ্ড ‘VI’ৰ নতুন প্লেনসমূহ সম্পর্কে।
২৪৯ টকাৰ প্লেনত পোৱা যাব প্রতিদিনে ১.৫ জিবি ইন্টাৰনেট ডাটা, বৈধতা ২৮ দিন।
২৯৯ টকাৰ প্লেনত পোৱা যাব প্রতিদিনে ২+২ জিবি ইন্টাৰনেট ডাটা, বৈধতা ২৮ দিন।
৩৯৯ টকাৰ প্লেনত পোৱা যাব প্রতিদিনে ১.৫ জিবি ইন্টাৰনেট ডাটা, বৈধতা ৫৬ দিন।
৫৯৯ টকাৰ প্লেনত পোৱা যাব প্রতিদিনে ১.৫ জিবি ইন্টাৰনেট ডাটা, বৈধতা ৮৪ দিন।
১৪৯ টকাৰ প্লেনত পোৱা যাব মুঠ ২ জিবি ইন্টাৰনেট ডাটা আৰু ৩০০টা এছএমএছ, বৈধতা ২৮ দিন।
৩৭৯ টকাৰ প্লেনত পোৱা যাব মুঠ ৬ জিবি ইন্টাৰনেট ডাটা আৰু ১০০০টা এছএমএছ, বৈধতা ৮৪ দিন।
২,৩৯৯ টকাৰ এটি বার্ষিক প্লেন আছে। এই প্লেনত পোৱা যাব প্রতিদিনে ১.৫ জিবি ইন্টাৰনেট ডাটা, বৈধতা ৩৬৫ দিন।
প্রতিটো প্লেনত আনলিমিটেড টকটাইম পোৱা যাব।












