নিউজ ডেস্ক :
কম দামৰ ফোন আনি বজাৰত জনপ্রিয়তা বঢ়াইছে ৰিলায়েন্সে। জিঅ’ ছিৰিজৰ ফোনৰ পিছত এইবাৰ কোম্পানীটোৱে পুনৰ নতুনকৈ বজাৰলৈ আনিব বহুকেইটা ফোন।
ডিচেম্বৰতেই অতি কম দামৰ এই ফোন বজাৰলৈ আনিব ৰিলায়েন্সে। প্ৰায় ১০ কোটি এণ্ড্ৰইড ফোন বজাৰলৈ আহি আছে। স্মার্টফোনসমূহৰ সৈতে থাকিব ডেটা পেক। এই বছৰৰ ডিচেম্বৰত নহ’লে অহা বছৰৰ আৰম্ভণিতে এই ফোন বজাৰলৈ আহিব৷
জুলাই মাহতেই গুগলে জনাইছিল যে তেওঁলোকে ৰিলায়েন্সত ৪.৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব। সেই সময়তেই ৰিলায়েন্সৰ মালিক মুকেশ আম্বানিয়ে জনাইছিল, গুগলে এটি এণ্ড্ৰইড অপাৰেটিং ছিষ্টেম নিৰ্মাণ কৰিব, যাৰ দ্বাৰা কম মূল্যতে ৪জি আনকি ৫জি ফোন নিৰ্মাণ কৰিব ৰিলায়েন্সে।












