বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্রোছ আধানম ঘেব্রেছিয়াছৰ ঘোষণ, এতিয়াৰ পৰাই প্রস্তুতি ল’ব লাগিব পৰৱর্তী মহামাৰিৰ বাবে। ক’ৰোনাই শেষ নহয়।ক’ৰোনা অতিমাৰিয়ে ডাঙৰ শিক্ষা দি গৈছে বিশ্ববাসীক।
সেয়ে পৰৱর্তী অতিমাৰিৰ বাবে এতিয়াৰ পৰাই প্রস্তুতি ল’বলৈ ক’লে বিশ্ব স্বাস্থ্য সংস্থাৰ প্রধান টেড্রোছ আধানম ঘেব্রেছিয়াছে। একে সময়তে যিকোনো দেশৰ চৰকাৰক জনস্বাস্থ্য খণ্ডত খৰচ বৃদ্ধিৰ কথাও কয় তেওঁ।
ঘেব্রেছিয়াচে কয়, ক’ৰোনাই শেষ নহয়। পৰৱর্তী মহামাৰিৰ বাবে বিশ্ব সম্পূৰ্ণভাৱে তৈয়াৰ থাকিব লাগিব। আৰু এই কাৰণেই দেশসমূহক তেওঁ জনস্বাস্থ্য খণ্ডত বিনিয়োগ বৃদ্ধিৰ আবেদন জনাইছে।












