![]()
নগাঁও:
বিজেপি দলক প্ৰতিহিত কৰিবলৈ অসমত বৰ্তমান কোনো ৰাজনৈতিক শক্তি নাই । সেয়ে কংগ্ৰেছ দল এ আই ইউ ডি এফৰ লগ হৈছে। এ আই ইউ ডি এফৰ বোকোচাত উঠি কংগ্ৰেছ দলে নিৰ্বাচনী বৈতৰণী পাৰ হব বিচাৰিছে।
কিন্ত সেয়া সম্ভৱ নহয়। কিয়নো কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ এই মিত্ৰতা অসমীয়া মানুহে সহজভাৱে লব পৰা নাই । এই মিত্ৰতাই অসমীয়া মানুহৰ স্বভিমানত আঘাত হানিছে। এই মন্তব্য নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ। আজি নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পার্টিৰ পাখিমৰীয়া মণ্ডলৰ উদ্যোগত দক্ষিণপাট পঞ্চায়তত অনুষ্ঠিত বিজেপি দলত যোগদান সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাই লগতে কয় যে

‘কা’ আন্দোলনত আগভাগ লোৱা ব্যক্তি সকলে এতিয়া নেতা হোৱাৰ মন মেলিছে।কা’ আন্দোলনৰ অচিলা লৈয়ে বহুতে এতিয়া ৰাজনৈতিক দল গঠন কৰি নেতা হোৱাৰ সপোন দেখিছে।তেওঁলোকৰ সপোন সপোন হৈয়ে ৰৱ।তেওঁলোকৰ সপোন ‘মুংগৰীলাল কী হাচিন চপনেৰ’ দৰে হব।
‘কা’ আন্দোলনকাৰী সকলে অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিছে।’কা’ খন গৃহীত হলেই লাখ লাখ বিদেশী অসমত প্ৰৱেশ কৰিব বুলি তেওঁলোকে ৰাইজক অৱগত কৰিছিল।কিন্তু আজি ৮ মাহে এজনো বিদেশী অসমত প্ৰবেশ কৰা নাই। বিধায়ক শৰ্মাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ মিত্ৰতাক অসমৰ ৰাইজে কেতিয়াও সহজ ভাৱে নলয় বুলি মন্তব্য কৰি লগতে কয় যে বিগত সময়ত কংগ্ৰেছ দলে সুতা কম্বলৰ ৰাজনীতি কৰি ৰাইজক আকৃষ্ট কৰাৰ চেষ্টা কৰিছিল ।
কিন্তু এতিয়া দিন সলনি হৈছে।দেশে স্বাধীনতা প্ৰাপ্তিৰ পিছত সৰহ সময় কংগ্ৰেছ দলে শাসন কৰিছিল। কিন্তু কংগ্ৰেছৰ অপ-শাসন দুৰ্নীতিৰ আদিৰ বাবেই দেশৰ লগতে অসমখনো বহু পিছুৱাই গল। এতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত চাৰে চাৰিটা বছৰত আমাৰ চৰকাৰে ৰাজ্যখনৰ দ্ৰুত উন্নয়ন সাধন কৰিছে।
কাজিৰঙা ৰাষ্ট্রীয় উদ্যান, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি বটদ্ৰৱা থানৰ বেদখলীকৃত ভূমি উচ্ছেদ কৰিবলৈ সক্ষম হৈছে। জাতি, মাটি, ভেটি ৰক্ষা কৰাৰ লগতে খিলঞ্জীয়া লোকৰ অধিকাৰ সাব্যস্ত কৰণৰ বাবে চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিছে।”
বৰ্তমানৰ চৰকাৰে অসমৰ জনগণৰ উত্তৰণ আৰু কল্যাণৰ বাবে গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰি বিধায়ক গৰাকীয়ে কয় যে এই আঁচনি সমূহৰ সুফল ৰাজ্যখনৰ সকলো স্তৰৰ লোকে লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে নিজ সমষ্টিৰ উন্নয়নৰ কথা উল্লেখ কৰি বিধায়ক গৰাকীয়ে কয় যে নগাঁও সদৰ সমষ্টিত আমাৰ চৰকাৰৰ নেতৃত্বত দ্ৰুত উন্নয়ন হৈছে।
নগাওঁ চহৰলৈ আহিলে এই কথা উপলব্ধি কৰিব পাৰি। তেওঁ লগতে কয় : “চাৰে চাৰিটা বছৰৰ আগত অসমৰ ৰাইজে এক পৰিৱৰ্তন বিচাৰি এক নতুন আশাৰে বিজেপি নেতৃত্বত এখন নতুন চৰকাৰ প্ৰতিষ্ঠা কৰিছে। ৰাইজৰ প্ৰত্যাশা অনুসৰি এই চৰকাৰে কাম কৰিছে।” ইপিনে কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰি বিধায়ক গৰাকীয়ে আৰু কয় :
“কংগ্ৰেছৰ আমোলত নগাঁৱত গুণ্ডাগিৰি চলিছিল । নগাওঁ চহৰৰ বৰবজাৰত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছিল । মহিলা-যুৱতী মুকলি মনেৰে ওলাই আহিব পৰা নাছিল। এতিয়া নগাঁৱত সেই পৰিবেশ নাই। এতিয়া সকলোৱে মুক্ত মনেৰে চলা-ফিৰা কৰিব পাৰিছে।
যাৰ বাবে আজি সকলো বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে। কৃষি ক্ষেত্ৰকে ধৰি সকলো ক্ষেত্ৰতে আজি দ্ৰুত উন্নয়ন হৈছে।
বিজেপি পাখিমৰীয়া মণ্ডলৰ সভাপতি নৰেন চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত নগাওঁ জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ, স্থানীয় বিজেপি নেতা যোগ প্ৰসাদ বৰদলৈ, মৃদুল ফুকন, ভদ্ৰকান্ত দাস আদিয়ে অংশগ্ৰহণ কৰে।
সভাতে স্থানীয় কংগ্ৰেছ নেত্ৰী টুটুমণি শইকীয়া লস্কৰ, ৰিংকুমণি দাস, সুনীল দাস আদিৰ নেতৃত্বত পাঁচশতাধিক স্থানীয় কংগ্ৰেছ নেতা-কৰ্মীয়ে বিজেপি দলত যোগদান কৰে। প্ৰায় দুই সহস্ৰাধিক লোকৰ উপস্থিতিত হোৱা সভাখনত বিজেপিত যোগদান কৰা সকলক বিধায়ক গৰাকীয়ে আদৰণি জনাই কয় যে বৰ্তমানৰ বিজেপি দলৰ লগতে চৰকাৰখনৰ উন্নয়নমূলক কামকাজৰ প্ৰতি আকৃষ্ট হৈ আজি এইসকল লোকে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে । উল্লেখ্য যে এসময়ত অগপ আৰু পৰৱৰ্তী সময়ত কংগ্ৰেছৰ দুৰ্গ হিচাপে খ্যাত পাখিমৰিয়া অঞ্চলৰ পৰা আজি পাঁচ শতাধিক কংগ্ৰেছী লোকে বিজেপিত যোগদান কৰাৰ পিছত এতিয়াি অঞ্চলটো কংগ্ৰেছ শূণ্য হৈ পৰিব।











