আল-কায়দাৰ প্রধান আৰু বিশ্বৰ সকলোতকৈ ভয়ংকৰ সন্ত্রাসবাদী ওছামা বিন লাদেনৰ ভাগিনীয়েকে কয় যে, ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্প যদি নির্বাচনত হাৰি যায়, তেতিয়া ৯/১১ যুদ্ধৰ দৰে পুনৰ যুদ্ধ হ’ব পাৰে। ওছামাৰ ভাগিনীয়েক নূৰ বিন লাদেনে ট্রাম্পৰ সমর্থনত এই কথা জনাইছে।তেওঁ কয় যে কেৱল ট্ৰাম্পেহে আমেৰিকানক সুৰক্ষা দিব পাৰিব ।
এক সাক্ষাৎকাৰত নূৰ বিন লাদেনে কয় যে আমেৰিকাত বামপন্থী চৰকাৰৰ প্ৰয়োজন নাই। জো বিডেন সম্পর্কে নূৰ লাদেনে কয় যে বিডেনৰ প্রশাসনে জাতিগত ব্যৱধানক বৃদ্ধি কৰিব। তেওঁ মার্কিন যুক্তৰাষ্ট্রক ৰক্ষা কৰিব নোৱাৰিব। ডোনাল্ড ট্রাম্প এইটো কৰাৰ বাবে সঠিক ব্যক্তি। এই মুহূৰ্তত বাৰাক ওবামা আৰু জো বিডেনে একেলগে চৰকাৰ চলাব নোৱাৰিব। এই মুহূৰ্তত তেওঁলোকে একেলগে বামপন্থী চৰকাৰ পৰিচালনা কৰিছে। তেওঁৰ শাসন কালতেই আইএছআইএছ সমগ্ৰ বিশ্বত প্রসাৰিত হৈ ইউৰোপত সোমাইছে।
নূৰে ব্যাখ্যা কৰে কিয় তেওঁ ট্রাম্পক সমর্থন কৰে। নূৰে কয় যে ট্রাম্পৰ শাসনত আমেৰিকা নিৰাপদ। কাৰণ ট্রাম্প চৰকাৰে দেশক বাহ্যিক সঙ্কটৰ পৰা ৰক্ষা কৰিছে। নূৰে কয়, মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে সন্ত্রাসবাদৰ মূলক লৈ যুদ্ধ কৰিছেছে। ট্ৰাম্প অৱশ্যেই এইবাৰৰ নির্বাচনত বিজয়ী হ’বই লাগিব, কাৰণ কেৱল যুক্তৰাষ্ট্রতেই নহয়, সমগ্ৰ পশ্চিমীয়া সভ্যতা বচাবলৈ তেওঁৰ শাসন ব্যৱস্থা জৰুৰী।












